পৃষ্ঠা:পৰীক্ষা.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
চতুৰ্থ দৃশ্য।


 পথিকক জলধাৰা, কিয়বা কৰিবা
 অশান্ত অশ্ৰান্ত তাক মৰিচীকাচৰ?
মদন|—  ভুল তযু, চন্দ্ৰাননে! প্ৰকৃতি-দেবীৰ
 সৌন্দৰ্য্যেই শ্ৰেষ্ঠৰত্ব। কৃশা তটিনীৰ
 বিলাস-বিভোৰ-নৃত্য, পখীৰ মধুৰ
 কল-কল-কল-গান, শ্যামল প্ৰান্তৰ,
 হৃদয়-আলোড়ি শোভা উচ্ছ ভূধৰৰ—
 হিমানী-মণ্ডিত-শৃঙ্গ গগন-গম্ভীৰ—
 বিকশিতা কমলিনী, পূৰ্ণ শশধৰ—
 সকলো সৌন্দৰ্য্যভৰা, সৌন্দৰ্য্য়-আধাৰ,
 সকলোৰে কমনীয় কান্তি নিৰূপম,
 তাৰো বেছি কমনীয় কামিনী-আনন।
 এই ফুল্ল শোভা, এই সৌন্দৰ্য্য়-আকৰ,
 তাৰো যদি পৰে শেষ আন্ধাৰ ভিতৰ,
 কিবা সৌন্দৰ্য্য়ৰ কাম, সৌন্দৰ্য্য কিহৰ?
 প্ৰকৃতিৰ লীলাভূমি গহন কাননে,
 পূৰ্ণ চন্দ্ৰমাৰ আভা নিস্তব্ধ নিশীথে,
 ফুটে পদ্ম জলাভূমি মাজে; সৌন্দৰ্য্য়ৰ
 উৎকৃষ্ট আধাৰ, ছায়া অতুল ৰূপৰ,
 ৰমণী-বদন; সিও যদি মানবৰ