পৃষ্ঠা:পৰীক্ষা.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
পৰীক্ষা।

 নোহে উদ্ভাসিত দেশ; নাই তাত আৰু
 দয়া-মায়া-আদি সুখ-শান্তি-প্ৰস্ৰৱণ;
 জগত-জননী-আশা-স্নেহৰ বঞ্চিত;
 শ্বাসৰোধী প্ৰাণঘাতী পূৰ্ণ দোষ বায়ু।
 সদা বাস যাৰ পুণ্য পবিত্ৰ ধামত,
 নিৰ্ম্মল সমীৰ যাৰ নিৰ্ম্মল সলিল
 সদা ব্যৱহাৰ, তাক নিক্ষেপিবা এনে
 গহবৰত? ই কি, প্ৰভু! কৰ্ত্তব্য দেৱৰ?
 ই কি অপ্সৰাসবাৰ কৰণৰ কাম?
 কদাচিতো নোহে অপেশ্বৰীৰ কৰ্ত্তব্য;
 নোহে নিশ্চিততে নোহে দেবেন্দ্ৰ-বাঞ্ছিত।
 যদিও নৰ্ত্তকী আমি, স্বৰ্গৰ গায়িকা,
 তথাপিতো প্ৰবৃত্তিৰ উত্তেজিনী নোহোঁ।
 গীতৰ সৌন্দৰ্য্য, সাধু সৌন্দৰ্য্য আমাৰ,
 আৰু দেখি সৌন্দৰ্য্যৰ আধাৰ স্বৰগ
 মৰামৰ হয় মুগ্ধ। সৌন্দৰ্য্য়ৰ কাম
 সৌন্দৰ্য্য়-বিকাশ। দেখি সকলো সৌন্দৰ্য্য,
 মানব-হৃদয়—শ্ৰেষ্ঠ সৌন্দৰ্য্য়-ভাণ্ডাৰ—
 পূৰ্ণ হয় সৌন্দৰ্য্যেৰে। সৌন্দৰ্য্য়-চলনে
 কুৰূপ যাঁচিবা কিয়? নিদি তৃষ্ণাতুৰ