সমললৈ যাওক

পৃষ্ঠা:পৰীক্ষা.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
চতুৰ্থ দৃশ্য।

চতুৰ্থ দৃশ্য।

মদন, বসন্ত আৰু উৰ্ব্বশী।

মদন।— দেৱি! সাধা দেৱকাজ। নকৰিবা হেলা।
উৰ্ব্বশী।— দাসীক চলনা কিয়, প্ৰভু! দেৱকাজ
 ইকি? কৰ্ত্তব্য দেৱৰ?
বসন্ত।—  কি বা অকৰ্ত্তব্য!
উৰ্ব্বশী।— কৰ্ত্তব্য কিহৰ, দেৱ! পৰম পবিত্ৰ
 পুণ্যৰ আকাশ, সদা আলোকিত পবিত্ৰ
 কিৰণে; অজ্ঞানৰূপ পাপ-অন্ধকাৰে
 নোৱাৰে পশিব তাক; অনন্ত শীতল
 কিৰণ-ভাসিত দেশ। পুণ্যজনে সদা
 অনন্ত আনন্দে বাসে। অপাৰ অনন্ত
 বিচৰণ কৰে তাত সদা সুখ—শিশু
 অৰুণৰ সদা বিভা বিতোপন, পুষ্প
 প্ৰস্ফুটিত, ঋতুৰাজ বসন্তৰ শোভা
 সৰ্ব্বাঙ্গীণ, ফুল্ল দেশ, ফুল্ল দেশবাসী।
 কিন্তু, দেৱ। বিভীষণ পাপৰ গহ্বৰ—
 বিঘোৰ তিমিৰাবাস; জ্ঞানৰ আলোকে