পৃষ্ঠা:পৰীক্ষা.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
পৰীক্ষা।

 কিয় ধনঞ্জয় তুমি কৰা মিছা ভয়-
 আছে ভক্তি ঈশ্বৰৰ মঙ্গল বিধানে।
 আদিত্য-উদয়ে যেনে অন্ধকাৰ লীন,
 কামৰো তেনুৱা গতি জানা জ্ঞানোদয়ে।
 কোনোবা অজ্ঞান যদি, লোকে জ্ঞানী বুলি
 খ্যাতিমান্, সিও মাত্ৰ অভিধান, বৎস!
 সত্য অৰ্থে নাখাটিব নাম তাৰ প্ৰতি।
 অন্ধ বিবাদৰে হয় কমললোচন,
 কৃষ্ণজন পূৰ্ণচন্দ্ৰ, অজ্ঞানৰ জ্ঞানী
 তেনে নাম, তেনে অভিধান। যোৱা, বংস!
 নকৰিবা একোকে সন্দেহ।
অৰ্জ্জুন।-  নমস্কাৰ প্ৰভুৰ পদত।
জ্ঞান।—   হোৱা সদা জ্ঞানী, বৎস!
 সকলো কৰ্ম্মত থাকা বিবেকৰ দাস।
 সদা যেন থাকে, বৎস! কৰ্ত্তব্যৰ জ্ঞান,
 পৰমেশ-পদে আৰু অচলা ভকতি।
 (প্ৰস্থান।)