এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
তৃতীয় দৃশ্য।
ভয়-চিন্তা পৰিহৰি বনৰ মাজত
নিৰভয়ে ফুৰোঁ, ভয় থাকিলে মনত,
বিদূৰ কৰিব তাক যিমানে যতন
পৰিপূৰ কৰে সবে ভয়তে কানন।
দুৰবল মনে কৰে কৰ্ত্তব্য-বিশেষ,
বিশেষে সম্পন্নে এড়ি কৰ্ত্তব্য অশেষ।
কিন্তু, প্ৰভু! নোৱাৰোঁ গুচাব দোষ;-
দুৰ্ব্বল মানব মন, দুৰ্ব্বল মানব,
বিৰোধে চেষ্টিও তাৰ সবিশেষে সব।
বিপুদল-বাৰণৰ হেতু অস্ত্ৰ-আশে,
ইন্দ্ৰৰ সমীপে, দেৱ! আহিছোঁ ত্ৰিদিবে।
দেৱেন্দ্ৰ জনক মোৰ, কৰি সমাদৰ
দেৱ-সভা-মাজে, প্ৰভু! আদৰিব মোক
অপ্সৰীৰ নৃত্য-গীতে। শুনিছোঁ, হে দেৱ!
অপ্সৰীৰ ৰূপানলে, কত কামী-কীট-
জ্ঞানী মানী বুলি খ্যাতিমান্— দিছে জাপ,
দেখি তাৰ সৌন্দৰ্য্য়-কিৰণ। কিন্তু হায়!
উত্তপ্ত কিৰণে পৰি, ছটফট্ কৰি
এড়িছে পৰাণ, পুৰিছে শৰীৰ আৰু!
মানব, প্ৰভু! সদা অসম্পূৰ্ণ, সদা