পৃষ্ঠা:পৰীক্ষা.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
পৰীক্ষা।

 নবহে সুন্দৰী নিশি পাতি মানে মান;-
 সেই বালাৰ্ক কিৰণে কিৰণাৰে পৰা
 সুনীল আকাশ নোহে মানে ভৰা
 ৰজতে অঙ্গাৰে কিম্বা; সুপ্ত পৃথিবীৰ
 জাগি জীব, জাগি বস্তু সুপ্ত প্ৰকৃতিৰ,
 আকউ নহয় মানে সুপ্ত ধৰাতল,
 স্বপিত প্ৰকৃতি দেবী, সুপ্ত জীৱল;
 নীৰব বিশ্ব সৰবত মাতি, সৰব
 বিশ্ব নহয় মানে আকউ নীৰব—
 যিমান কৰ্ত্তব্য আছে যত সৰু-বৰ,
 সকলো সময়ে সবে নকৰি বিচাৰ,
 বোলে মোক লব, প্ৰভু! সহায় তোমাৰ।
 কৰ্ত্তব্যে নৰৰ প্ৰাণ, কৰ্ত্তব্যে জীৱন,
 কঠোৰ কৰ্ত্তব্য-ব্ৰত জীৱন-যাপন।
 জ্ঞানৰ আলোকে যেন আলোকে সুন্দৰ,
 দৰশোঁ সুন্দৰ যেন কৰ্ত্তব্য সংসাৰ।
জ্ঞান।— সদায়েতো থাকা এই কৰ্ত্তব্য ভিতৰ।
অৰ্জ্জুন।— কৰ্ত্তব্যৰ কৰ্ত্তা-পাশে নাই সৰু-বৰ;
 তথাপি অবোধ মনে নামানে প্ৰবোধ,
 প্ৰবোধোঁ যিমানে মন তিমানে অবোধ।