এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
পৰীক্ষা।
ভয়ে ভীত; জ্ঞানে কৰে পৰিহাৰ পৰি
মহাকুটচক্ৰ মাজে ইন্দ্ৰিয় সবাৰ-
মানব হৃদয়, প্ৰভু! ইমানে দুৰ্ব্বল।
ভয় হয় পাচে, দেব! মোহে বিমোহিত,
দুকৰ্ম্ম কেতিয়া কৰোঁ গুৰু সমীপত!
জ্ঞান।— সকলো প্ৰলাপ তোৰ, বৎস ধনঞ্জয়!
গোলাপ-পদুম পাব কণ্টক-স্ফুটন
সহন কৰিব লাগে; ভুগিব জোনাক
লাগে হিমত তিতিব; প্ৰকৃতিৰ, বৎস!
আপদীয়া বনে ফুটে কান্তি কমনীয়।
অধমে আবৰে বাজ, ভিতৰ উত্তম;
ভাল-ভোগ-শকতিত হয় সন্দিহান,
শক্তি-পৰীক্ষাৰ অৰ্থে বেয়াৰ সৃজন।
সহিব নোৱাৰে যিটো ব্যয় ঐশ্বৰ্য্য়ৰ,
কিবা বা বুজিব সিটো বিতৰণ-সুখ।
ইন্দ্ৰিয়ৰ মৰীচিকা দেখি খেদি যিটো
ফুৰে তাক জল-আশে, নিৰ্ব্বোধ সিটো-
সংসাৰৰ মৰুভূমি-গতি-অনভিজ্ঞ,
জ্ঞান-বিজ্ঞানৰ জ্ঞান বঞ্চিত সমূলী,
অচিৰতে মৰুভূমি-যাতে কৰে গ্ৰাস।