পৃষ্ঠা:পৰীক্ষা.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
তৃতীয় দৃশ্য।

তৃতীয় দৃশ্য।
জ্ঞান আৰু অৰ্জ্জুন।

জ্ঞান।— কিবা ভয় ,বাছাধন!
অৰ্জ্জুন।—  সহায় যেতিয়া
 তুমি কাৰ প্ৰতি ভয়, প্ৰভু!
জ্ঞান।— তেনেহলে
 কিয়বা স্মৰিছা কোৱা কিবা বা কাৰণ?
অৰ্জ্জুন।— লভিব আশীষ তব লভিব সহায়।
জ্ঞান।— কিবা কামে কোৱা, বৎস! খুজিছা সহায়?
অৰ্জ্জুন।— দেব! উষাৰ মোহন হাঁহি দেখা পাই
 সজাগ যেতিয়া হওঁ, তেতিয়াৰে পৰা
 নাহে মানে নিদ্ৰাদেবী বিশ্ৰাম-সফুৰা
 সুকোমল হাতে লই,—নলয় নিজৰ
 কোমল কোলাত মানে অঙ্গ অৰ্জ্জুনৰ;
 শয়ন-আসনে মানে শ্ৰান্ত জীৱদল
 নকৰে শয়ন; পখী নেড়ে কল্ কল্,
 নীৰবে নাহাঁহে মানে চন্দ্ৰৰ কিৰণ
 নীলবাসা সুন্দৰীক কৰি আলিঙ্গন;
 অথবা নেদেখি চোৰ প্ৰিয়সমাগম