পৃষ্ঠা:পৰীক্ষা.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
পৰীক্ষা।

মদন।— উত্তম সুবিধা, সখি! ঈশ্বৰৰ দিয়া,
 বসন্ত-মদন-জ্ঞান-শক্তি-পৰীক্ষাৰ।
 আমাৰ শক্তিৰ কৰি প্ৰবল প্ৰয়োগ,
 দেখা যা’ক কেনে জ্ঞান অদম্য গৰ্ব্বিত।
 ক’ত জ্ঞানী ৰাজৰ্ষিক কৰিছোঁ বিজয়,
 কিমান তপস্বী জ্ঞানী, আমাৰ হাতত
 অসাৰ তপস্যা-জ্ঞানে দিছে বিসৰ্জ্জন,—
 পৰিত্যজি জ্ঞান-ধন কঠোৰ নীৰস,
 সৰস কোমল কামে কৰিছে আশ্ৰয়।
 তথাপিতো অহঙ্কাৰ! তথাপি গৰব!
 এইবাৰ কৰি জয় নিশ্চয় জ্ঞানক,
 চিৰকাল তাৰ, সখি! ধ্বংসিম গৰব।
বসন্ত।— সুনিশ্চয়, সখি! কৰোঁ আহা আয়োজন।
 (প্ৰস্থান।)