এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
দ্বিতীয় দৃশ্য।
শাস্ত্ৰৰ বচন শুনা, দেবি! ভয়াতুৰ,
কামাতুৰ, ক্ষুধাতুৰ জনে দিয়ে জ্ঞানে
জলাঞ্জলি। কাম-আদি প্ৰবৃত্তি নিচয়
অসংযত অতি। জ্ঞানৰ সম্পূৰ্ণ শক্তি
স্বল্পৰ মনত, দেবি! দেখিবা চিত্ৰিত।
যোৱা, শুভে! নকৰিবা ভাব। অচিৰতে
পূৰ্ণ বাঞ্চা হ’ক তোমাসাৰ।
বসন্ত।— মোৰ বৰে, দেবি! হোৱা পৰম ৰূপসী;
কামৰ কিৰণে হ’ক বিকচ নয়ন।
ফুটি ফুটি বাজ হ’ক ৰূপৰ তৰঙ্গ,
থেৱে থেৱে থেৱে নাচ’ক হাঁহ’ক।
সেই স্ৰোত, সেই ৰূপ, সেই উৰ্ম্মি, ভদ্ৰে!
পাৰ্থ তৃণে উটাব বুৰাব; সাগৰত
অপাৰ মোহৰ ৰাখিব ডুবাই।
অপ্সৰী সকল।— প্ৰণাম ৰাজীব-পদে। কৰা আশীৰ্ব্বাদ-
হয় যেন সৌন্দৰ্য্য়ৰ লীলা-খেলা পূৰ।
সৌন্দৰ্য্য সহিত মিলি সৌন্দৰ্য্য়ৰ স্ৰোত,
তাহান সহিত উঠি সৌন্দৰ্য্য়-তৰঙ্গ,
তাতে যেন ডুবি থাকে সভাসদ জন।
(প্ৰস্থান)।