এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
পৰীক্ষা।
পাৰোঁ যেন অপেশ্বৰী আমি নৃত্য-গীতে
দানিব আনন্দ পাৰ্থে। এই বৰ মাগোঁ,
প্ৰভু! দিয়া এই বৰ।
মেনকা।— মনসিজ, ঋতুৰাজ!
ধনঞ্জয় ৰূপে-গুণে মহিমা-মণ্ডিত।
কৃষ্ণ-গুণে-গুণী, ৰূপে-ৰূপী; কৃষ্ণৰ, প্ৰভু!
ভকত পৰম। বিজ্ঞানে পৰম জ্ঞানী।
মোহিত কৰিব পাৰ্থে পাৰোঁ যেন দেৱ।
কনক কিৰণ আৰু অতুল সৌন্দৰ্য্য
দিনেকত দিয়া মাখি, দিয়া দিয়া দেৱ!
সৌন্দৰ্য্য়ৰ অবৰ্ণীয় কিৰণেৰে সেই
কিৰণ’ক দেহ। ঋতুৰাজ! দিয়া তব।
অনন্ত যৌৱন, অতুল বিভৱ, দিনমাত্ৰ।
মদন।— নকৰিবা চিন্তা, শুভে! বসন্তৰ সখা
মদন অপেক্ষা জ্ঞান নোহে গুৰুতৰ।
হৰ যোগ-ভঙ্গ, ভদ্ৰে! ভাবি চোৱা মনে,
চোৱা আৰু পুৰুৰবা যৰ্যাতিৰ প্ৰতি;
চোৱা ইন্দ্ৰে; চোৱা চন্দ্ৰে; মোহিনী-বেশৰ
পাচে লৰি ফুৰা চোৱা যোগী মৃত্যুঞ্জয়ে।
নোহে জানা ধনঞ্জয় জ্ঞানী গুৰুতৰ।