পৃষ্ঠা:পৰীক্ষা.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
দ্বিতীয় দৃশ্য।

 অৰ্জ্জুন-জনক ইন্দ্ৰে পাতি দেৱসভা,
 সজায় সভাৰ ঠাই মনোমোহা সাজে,
 সঙ্গীত-নৰ্ত্তনে আজি আদৰিব পাৰ্থে
 সেই সভা মাজে। ধনঞ্জয় শুনো, দেব!
 নব-ঘন-বিনিন্দিত তনু, সুন্দৰ মূৰতি—
 শ্যাম শশধৰ-ৰূপ ত্ৰিলোকে অতুল।
 তাতে, ৰূপ জ্ঞান-গৰিমায় গৰবিত,
 উজলিত। নীৰব নিশীথে-যৱে স্তব্ধ
 সমীৰণ, স্তব্ধ বিহঙ্গম-গান,স্তব্ধ
 বিশ্ব চৰাচৰ— সেই নীৰব নিশীথে,
 সুনীল আকাশে হাঁহে পূৰ্ণিমাৰ চাঁদ;
 গম্ভীৰ অম্বৰে মিহে নীৰবে সি হাঁহি;
 হাঁহিৰ সৌন্দৰ্য্য়খিনি খঁহে সুগভীৰে;
 যামিনী সুন্দৰী পিন্ধি কৃষ্ণ পট্টবাস
 সুকোমল কৰে কৰে কোমলে কোমলে
 কোমল সৌন্দৰ্য্য় কোলে; উজলে যামিনী,
 উজলে জোনাক, মনোমোহা উজলে প্ৰকৃতি।
 যিমত সি নীৰব সৌন্দৰ্য্য়, গহীন গম্ভীৰ,
 পাৰ্থৰূপ, দেৱ! অল্প তুলে তাৰ লগে।
 সেই ধনঞ্জয়, প্ৰভু! থাকিব সভাত,