সমললৈ যাওক

পৃষ্ঠা:পৰীক্ষা.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
পৰীক্ষা।

 ইন্দ্ৰ-চন্দ্ৰ-দেৱসবে সেৱে এই পদ।
 অই ৰাতুল চৰণ তলে ত্ৰিলোকৰ
 সকলো ঐশ্বৰ্য্যে সদা কৰে কৰ দান;
 মৰামৰে তৃপ্তিতৰে পুজে সৰ্ব্বদাই;
 কিবা বা অভাৱ, দেবি! অপ্সৰা সবাৰ?
উৰ্ব্বশী।—  সঁচা, দেৱ! ত্ৰিলোক-ঐশ্বৰ্য্য সঁচা
 আমাৰ অধীন। সদা আনন্দ-আহ্বানে
 মত্ত কৰোঁ ত্ৰিজগত আনন্দতে, সঁচা।
 কিন্তু, প্ৰভু! মনৰ ই অদ্ভুত ৰীতি—
 নিজ-ক্ষমতাক সদা কৰে অবিশ্বাস।
 যদিচ পাৰগ মন দেবেন্দ্ৰ-দমনে
 ভাবে তেও অপাৰগ মক্ষিকা-দলনে।
 নিজৰ শক্তিৰ কৰা সামৰ্থ্য়ে সন্দেহ
 এই চিৰৰীতি, দেৱ! উন্মত্ত মনৰ।
বসন্ত।—  সঁচা, দেবি! মনৰ এনেহে গতি। কিন্তু
 কিবা কামে আজি, শুভে! কৰিছা আহ্বান?
উৰ্ব্বশী।— পৃথিবী-প্ৰথিত-যশঃ কুৰুৰাজ বংশ;
 তাৰ জ্বল মণি যুধিষ্ঠিৰ নৃপমণি;
 তাহান তৃতীয় ভাই, বাসুদেৱ-সখা,
 পাৰ্থ, অস্ত্ৰশিক্ষা-আশে, আহে সুৰলোকে।