পৃষ্ঠা:পৰীক্ষা.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
দ্বিতীয় দৃশ্য।

 আহ্বান কৰিছোঁ আমি।
 আহা আহা, দেৱ!
 লোৱা লোৱা সেৱ
 চৰণে পৰিছোঁ নমি।
আমি সোণৰ বৰণ,
 কনক-কিৰণ,
 সদা যেন গাৱে মাখোঁ।
 সদা সুখে ডুবি থাকোঁ।
আমি  শৰতৰ ঘন,
 মলয় পবন,
 আনন্দ শৰীৰে মাখোঁ।
 সদা সুখে ডুবি থাকোঁ॥


 (মদন আৰু বসন্তৰ প্ৰবেশ।)
অপ্সৰী সকল।— দাসীসব নমে দেৱ-পদে।
মদন।— কোৱা, শুভে!
 কিয়বা অকালে আবাহন।
বসন্ত। কিবা কাম, ভদ্ৰে!
 সুন্দৰ মূৰতি, স্বৰগৰ জ্যোতি: তোমাসব;
 উপবন তোমাসাৰ নন্দন-কানন;