পৃষ্ঠা:পৰীক্ষা.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
পৰীক্ষা।


গীত।

আমি সুদিনে সুক্ষণে,
 যৌৱন-প্ৰদানে,
 আনন্দে ডুবাই ৰাখোঁ।
আমি সুজনে কুজনে,
 যৌৱন-প্ৰদানে,
 আনন্দে নিৰখি থাকোঁ।
আমি শৰতৰ ঘন,
 মলয় পবন,
 আনন্দ শৰীৰে মাখোঁ।
আমি  বসন্তৰ ফুল,
 সৌৰভে আকুল
 সততে কৰিহে থাকোঁ।
আমি  সম্মোহিনী আশা,
 প্ৰেমৰ ভৰষা,
 আকাশে প্ৰতিমা আকোঁ।
আমি  মেঘৰ বিজুলী,
 চমকতে খেলি
 সদা সুখে ডুবি থাকোঁ।
 বসন্ত মদনে
 পূজাৰ কাৰণে