পৃষ্ঠা:পৰীক্ষা.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় দৃশ্য

দ্বিতীয় দৃশ্য

অপ্সৰী সকল—মদন আৰু বসন্তৰ পূজা।
গীত৷

ৰজত-শুকিলা, শশধৰ-কৰ,
 ৰজতে ঢাকিছে ধৰা।
ফুল্ল ফুলদল, ফুল্ল জীৱবল,
 প্ৰফুল্ল যত অপ্সৰা॥
পিককুহুতানে পৰাণ কাঁদিছে,
মলয় পবনে শৰীৰ পূৰিছে,
অলিগুঞ্জৰণে মদনে হানিছে
 ফুলবাণ ফুলকৰা॥
বসন্ত-মদন, আনন্দ যৌৱন,
 আহা আহা পূজোঁ সব।
এই শুভদিনে, এই শুভক্ষণে,
 সঞ্চাৰা সৌন্দৰ্য্য নব॥