পৃষ্ঠা:পৰীক্ষা.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰীক্ষা।

মদন।—  নোৱাৰি সহিব, সখি! এই অহঙ্কাৰ।
 ইয়াৰ পাতন মোৰ জীৱনৰ ব্ৰত।
 ঈশ্বৰৰ নামে ভণ্ডে কৰে পাপাচাৰ,
 পাপ-অনুষ্ঠান, ভণ্ডৰ ই ৰীতি, সখি!
 নিজৰ নিজৰ পাপ, নিজৰ নিজৰ
 দোষ, নিজৰ নিজৰ দুষ্টমত, বোলে
 ঈশ্বৰৰ; লোক আগে বোলায় ভকত;
 ইৰূপ পাপৰ কুপ পুণ্যৰ আড়ত
 সিদ্ধ কৰে এই দৰে নিজ অভিলাষ।
 এই ভণ্ডামীৰ, এই মিছা গৰবৰ,
 পাতন নিশ্চয় জানা আমাৰ কৰ্ত্তব্য।
বসন্ত।—  নিশ্চয়! নিশ্চয়! শুনা শুনা তাৰ, সখি!
 গৰ্ব্বিত বচন—ভণ্ডামীৰ প্ৰবঞ্চক
 কথা। ভণ্ডৰ গৰব এনে! দেখোঁচোন
 হয় নে নহয় এই গৰ্ব্বৰ পতন।
 (প্ৰস্থান।)।