পৃষ্ঠা:পৰীক্ষা.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰীক্ষা।

 গৰাকীয়ে যদি, আদৰে পিন্ধায় হাৰ
 নিৰবোধ আদৰৰ বানৰৰ গলে;
 নুবুজি হাৰৰ মূল, বানৰে যদিবা,
 নিজৰ অজ্ঞতা-দোষে, অজ্ঞান হাতেৰে,
 চিগিভাগি হাৰাৱলী কৰে চুৰমাৰ;
 থাকে কিবা হাৰ হাৰৰ নিচিনা?
 হাৰত্ব-বঞ্চিত-অংশে লোটায় ধৰণী,
 কাদে অপমান অভিমান অসম্মানে।
 অজ্ঞানতাকৃত, সখি! দুস্কৃতিৰ ফল
 নাযায় খণ্ডন। যি দুস্কৃতি সেয়ে পাপ।
 অজ্ঞানতাকৃত বুলি নাপায় নিষ্কৃতি।
বসন্ত।—   থিক কথা! কিন্তু এই—এই—আহে বৃদ্ধ!
নদন।—   আহে বৃদ্ধ! থিক কথা!
 নাজানো কিয়বা ইমান হিংসাৰ ভাৱ,
 ইমান অৱজ্ঞা, পাচতেহে ভৰি পৰে;
 আগত কিয়বা আমি নোৱাৰোঁ মাতিব!
 আগত দেখিলে যেন কঁপি উঠে হিয়া,
 অজানা কি এটি ভয়ে, মোহে গ্ৰাস কৰে।
 (জ্ঞানৰ প্ৰবেশ)।
মদন আৰু বসন্ত।—   প্ৰণাম কৰিছোঁ দেৱ!