পৃষ্ঠা:পৰীক্ষা.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম দৃশ্য।

জ্ঞান।—

 শুভ তোমাসাৰ।
তোমা দুই সখি সততে বিহৰা সঙ্গে।
সংসাৰৰ ৰঙ্গালয়ে কৰা নব নব
মোহময় অভিনয়, নব নব দিনে।
উভয় সখিৰ পাই আনন্দ উৎসাহ,
উভয় সখিৰ দেখি কমনীয় কাম,
মোহে মোহনীয় নৰ থাকে মুগ্ধ হই—
অসাৰ সংসাৰ এই সাৰভূত বুলি
উভয়ৰ কৰ্ম্মমাজে হয় প্ৰতিভাত;
অনন্ত বিশ্বৰ সাধে অশেষ কল্যাণ।
এইদৰে পালা ভাল মহেশ-আদেশ।
কিন্তু বাছাধন!
ঈশ্বৰৰ আন আন আদেশৰ প্ৰতি
কিয়বা উপেক্ষা বৃথা এনে তোমাসাৰ?
সৃষ্টিৰ সৃজিলে কত কত সৃষ্টিকৰে
গছ-বৃক্ষ, তৰু-লতা, কীট-পতঙ্গম,
পশু-পক্ষী আদি কৰি সকলো সৃজন;
সৃষ্টিৰ উৎকৰ্ষ সাধি সৃজিলে মানবে।
মানব, বৎস! সৃষ্টিৰ উৎকৃষ্ট সৃষ্টি,
ঈশ-প্ৰিয়তম, ঈশ-প্ৰতিমা নিৰ্ম্মাণ৷