পৃষ্ঠা:পৰীক্ষা.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম দৃশ্য।

 স্বৰ্গৰ অপাৰ সুখ ভৰে সন্মুখত—
 পাৰিজাত-পৰিমল, শীতল সমীৰ,
 নন্দন-কানন-শোভা, গীত অপ্সৰীৰ,
 মন্দাকিনী-কুলুধ্বনি, স্বৰ্গীয় কিৰণ—
 স্বৰ্গৰ সম্পদে সাজি নৈবেদ্য যেতিয়া
 নিবেদা যতনে, সখি! কোনে উপেক্ষিব
 তাক? কাৰ সেই যম, কাৰ সেই ধৃতি?
 কিন্তু, সখি। বৃদ্ধ এই জীৰ্ণ দেহ, শীৰ্ণ কেশ,
 অস্থিমাত্ৰ লই, তাকো কৰিছে অবজ্ঞা!
 বসন্ত-মদন সংসাৰৰ সুখ-সাৰ,
 সংসাৰৰ শোভা, সংসাৰৰ অতুল বিভব;
 তাৰ প্ৰতি সংসাৰৰে সামান্য জ্ঞানৰ
 এনে কটু অপমান, এনেহে অবজ্ঞা।
 অসহ্য, অসহ্য, সখি! অসহ্য নিশ্চয়।
বসন্ত। —  কিবা, সখি! বানৰৰ মণিময় হাৰ—
 মণিদলে অৱহেলে ই নিৰ্ব্বোধ কোন,
 যিবা জানে মহামূল্য মণিৰ মহিমা?
 কিন্তু অজ্ঞান বানৰ,
 সি কিবা বুজিব, সখি! মণিৰ আদৰ?
মদন৷ —   সঁচা কথা। কিন্তু অতুল সম্পদশালী