পৃষ্ঠা:পৰিদৰ্শন.djvu/৭১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মন্ত্ৰ

পাৰি। ময়ে ৰূপ এটকা তোমালোকক ধাৰলৈ দিওঁচোন। গুৰু মাননি কৰা। পিচত টকাটো দিবা একা। নহলে মন্ত্ৰৰ গুণ নধৰে।

 ভদ্ৰেশ্বৰ— বাৰু দিয়া।

 (কলাই ভিতৰলৈ গৈ [যাওঁতে কানি খোৱা সজুলি লৈ যায়] ৰূপ এটকা আনি ভদ্ৰেশ্বৰৰ হাতত দিয়ে, আৰু ভদ্ৰেশ্বৰ আৰু জয়ৰামক আঠু লৈ বহিবলৈ কয়। সি নিজে ঠিয় দি)

 কলাই— গাই যাবা দেই। তিনিবাৰত মুখত আহিব লাগিব। নহলে নফলে।

(কলায়ে এশাৰী গায়। ল’ৰা দুটাই পাচে পাচে মাতে)

থুঃ   থুঃ   ফুট
ধাঃ   ধুঃ   বুট

অমুকা পণ্ডিতৰ হাত
ভেল্কি মাৰিলো তাত
মোৰ ডাক্ গুৰুৰ হাক
যেনেকৈ আছ তেনেকৈ থাক
কামৰূপ কামাখ্যা মাও
এই কথা নাৰাখিলে গৰু-মানুহ খাওঁ।

 (তিনিবাৰ কলায়ে মাতে। ল’ৰা দুটাই আওৰায়।)

 জয়ৰাম— ভদ্ৰ, চোৱাচোন মোৰ মুখত আহিলনে? (মাতে)

[৬৭]