পৰিদৰ্শন
কৰিলে নহয়। পিতৃপুৰুষ বাবাজী (ওপৰলৈ হাত দাঙি সেৱা কৰে।)
ভদ্ৰেশ্বৰ— মন্ত্ৰ, কি মন্ত্ৰ?
কলাই— আ, বোপা দেউতা, আচৰিত মন্ত্ৰ! আমাক এটা মন্ত্ৰ শিকাই দি বোলে তহঁতৰ পণ্ডিতে দেৰি হোৱা বুলি কলে, এই মন্ত্ৰ মাতি তিনিটা ফুঁ মাৰি দিবি। পণ্ডিতে পাহৰি যাব; ঘড়ীলৈ চালে ঘড়ী উলটি আহিব।
দুয়ো— হয় নে! (আচৰিত হৈ চোৱা-চুই কৰে)
ভদ্ৰেশ্বৰ— দেৰি হলেহে নেকি, পঢ়া নোৱাৰিলে একো মন্ত্ৰ নাই নে?
কলাই— কেলেই নাই, সেই মন্ত্ৰই হয় নহয়? সি সৰ্ব্বঢাক, সকলো কথাতে খাটে।
ভদ্ৰেশ্বৰ— আমাকে শিকাই দিয়া, কলাই কাই।
কলাই— এইদৰে শিকাব নোৱাৰি নহয়, বোপা দেউতা। গুৰু মানিব লাগে। এই মন্ত্ৰ আমাৰ ইয়াৰ নহয়। স্বৰ্গৰ বস্তু। ইন্দ্ৰদেৱতাৰ বাণ।
জয়ৰাম— কি লাগে?
কলাই— শিকিটো, আধলিটো। তামোল-পাণ এযোৰ হলেই হয়।
ভদ্ৰেশ্বৰ— পাচত দিলে নহয়নে?
কলাই— পাচত দিলে নহয়তো। পাচে এটা বুধি কৰিব
[৬৬]