পৃষ্ঠা:পৰিদৰ্শন.djvu/৭২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

 ভদ্ৰেশ্বৰ— ময়ো মাতোঁ, চাবাচোন। (মাতে)

 কলাই— বঢ়িয়াকৈ আহিছে! আজি আবেলিকৈ মাননিখিনি দি যাবাহঁক।

 দুয়ো— বাৰু, বাৰু।

(মন্ত্ৰ শাৰী মাতি ল’ৰা দুটা এফালে, কলাই আনফালে ওলায় যায়।)

 



তৃতীয় দৃশ্য

[স্কুলৰ শ্ৰেণী এটাৰ সমুখ। ভিতৰত ছাত্ৰবোৰ বহি আছে।
দুৱাৰ মুখত হেড্‌মাষ্টাৰ ইফাল-সিফাল কৰিছে। শ্ৰেণীত
মাষ্টাৰ নাই। ঘৰীত ঢং ঢং কৰি এঘাৰটা বাজিল।
অলপ পাচত ভদ্ৰেশ্বৰ আৰু জয়ৰাম দৌৰা-
দৌৰি কৰি হেঁপাই-ফোঁপাই প্ৰবেশ।]

 জয়ৰাম— (ফোঁপাই) ভাল হল আজি, মোৰ বৃত্তি কটা যাব নহয় এতিয়া।

 ভদ্ৰেশ্বৰ— (ফোঁপাই) একো ভয় নাই বাপা। এয়া এঘাৰটা বাজিল মাথোন হে। (খিড়িকীৰে চাই) সৌৱা মাষ্টাৰ অহাই নাই নহয়।

 (এনেতে শ্ৰেণীৰ দুৱাৰ মুখ পাই, আৰু হেড্‌মাষ্টাৰক দেখি শিলামূৰ্ত্তিৰ দৰে হৈ ৰয়।)


[৬৮]