পৃষ্ঠা:পৰিদৰ্শন.djvu/৬৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

মন্ত্ৰ

আৰু ভদাই— ভদাই আমাৰ পেহীৰ ককায়েকৰ পুতেক ভায়েক দেই। সি মৰিল এতিয়া— আমি দুইটাই আম খাবলৈ গৈ সৌ নদীৰ পাৰৰ গছ এজোপাতে উঠিলোঁ। সেই বৰ আমগছ জোপা দেখিছা যে তাতে। কালিৰ কথাৰ দৰে মোৰ চকুৰ আগতে আছে।

 দুয়ো— পাচে, পাচে!

 কলাই— পাচে আম খাই থাকোঁতে দেৰি হল। নামি দুয়ো কহন-মহন কৰিছোঁ। এনেতে দেখোঁ যে আগতে দেখোন সন্ন্যাসী এটা। মস্ত বাবাজী। এয়া লমলম ডাঢ়ি। বগা গোটেইটো। তেজ ফুটো ফুটো কৰে।

 দুয়ো— পাচত, পাচত!

 কলাই— সেই বাবাজীয়ে মোক এই দৰব যোৰা খাবলৈ শিকালে। নহলে কানি, আফিং আমাৰ ঘৰত চুৱা আছিল নহয়।

 ভদ্ৰেশ্বৰ— কিয়, বাবাজীয়ে জানো কানি খায়, ভাং হে খায়।

 কলাই— এই সৰু-সুৰা যোৰে ভাং খায়তো। বৰ বৰ বাবাজীয়ে ইয়াক ধৰিব পাৰে। ই মহাদেৱৰ বস্তু নহয় জানো। সকলোৱে ইয়াক খাই হজম কৰিব নোৱাৰে নহয়।

 জয়ৰাম— তাৰ পাছত দেৰি হল যে কি কৰিলা?

 কলাই— ওঃ দেৰি আৰু ক’ত হল। বাবাজীয়ে মন্ত্ৰ

[৬৫]