এক ছেকেণ্ড- ছেকেণ্ড কি জানানে কলাই কাই! এক মিনিটত ৬০, তিনি কুৰি ছেকেণ্ড থাকে- এই ধৰা তোমাৰ টিকিৰা ফুৰুত কৰি উঠে যে সেই- এক ছেকেণ্ড!
কলাই— হেডমাষ্টাৰে কি কৰে বোপা দেউতা?
ভদ্ৰেশ্বৰ— কি হে কৰে! বেত দিয়ে, বেঞ্চৰ ওপৰত খাৰা কৰি থয়, কাণ মলে, আৰু কত কি কৰে, নীল-ডাউন কৰে। নীল-ডাউন কি জানানে? এইয়া, এইদৰে থাকিবলৈ কয়। (নীল-ডাউন কৰি দেখুৱায়)।
কলাই— তাহানিখন আমিও স্কুলত পঢ়িছিলোঁ। আমাৰ যি হে কাল পণ্ডিত আছিল। খুব বেতায় নহয়। পাচে মোক নোৱাৰিছিল।
জয়ৰাম— তুমি চাগৈ ভালদৰে পঢ়া দিছিলা।
কলাই— পঢ়া, পঢ়া দিবা ক’ৰ পৰা। মাছ মাৰিবলৈ যাওঁ, আম-তিয়ঁহ খাই ফুৰোঁ। গা ধুবলৈ আহি পানীত গাদুৰোঁ। পঢ়িবা কেতিয়া?
দুয়ো— তেনেহলে তোমাক নামাৰিছিল কিয়?
কলাই— নামাৰিছিল ক’ত, আগেয়ে বৰ মাৰিছিল। পিচত হল এটা কথা।
দুয়ো— কি কথা, কি কথা?
কলাই— এদিন ঠিক এনে সময়ত দেই। তোমালোকে দুয়ো যেনেকৈ গা ধুবলৈ আহি ইয়াত বহিছা, সেই দৰে মই