পৃষ্ঠা:পৰিদৰ্শন.djvu/৬৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

মন্ত্ৰ



তৃতীয় দৃশ্য

[কলাই কানীয়াৰ কানি খোলা। কানি খোৱা হোকা-খোলা, এফালে
পিৰিছ এখনত অলপ গুৰ; আন ফালে চেক লাগি থকা পিতলৰ
বাটি এটাত ৰঙা চাহ। ওচৰতে জয়ৰাম আৰু ভদ্ৰেশ্বৰ বহি
আছে। ইহঁত দুয়ো স্কুলত পঢ়ে। জয়ৰাম সাধাৰণ গৃহস্থৰ ল’ৰা,
প্ৰাইমাৰী পৰীক্ষাত বৃত্তি ধৰি হাইস্কুলত পঢ়ে। ভদ্ৰেশ্বৰ
ধনী, ডাঙৰ মানুহৰ ল’ৰা। দুয়ো একে শ্ৰেণীত পঢ়ে।
দুয়োৰৰ বয়স এঘাৰ-বাৰ বছৰমান। কলায়ে
ফুৰুত ফুৰুত কৰি টিকিৰা উৰায় আৰু ইহঁত
দুজনে আচৰিত হৈ চায়।]

 ভদ্ৰেশ্বৰ— চোৱাচোন জয়ৰাম চোৱা, কেনে সুন্দৰ দেখি। দিয়া কলাই কাই, আৰু এটা ফুৰুত কৰি উৰাই দিয়াচোন। বাৰু, তুমি হোপাচোন, চেঁচু ময়ে ধৰোঁ। (কলাইৰ হাতৰ পৰা চেঁচু আনি ধৰে আৰু টিকিৰাত লগায়। কলায়ে একো নামাতি টিকিৰা খায়।)

 জয়ৰাম— ভদ্ৰ, যাওহঁক অহা, ৯ বাজিলেই। নহলে স্কুললৈ দেৰি হব।

 ভদ্ৰেশ্বৰ— ৰবাচোন। ফত্ কৰে গা ধুই আহিম এতিয়াই নদীৰ পৰা। এইখোল কলাই কায়ে খাওক।

 কলাই— দেৰি হলেনো কি হয় বোপা দেউতা?

 ভদ্ৰেশ্বৰ— আও, ককাই কি হয়! আমাৰ যি হে হেডমাষ্টাৰ,

[৬৩]