পৃষ্ঠা:পৰিদৰ্শন.djvu/৬৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

পৰিদৰ্শন

আপাদখনে পালে। হাৱালদাৰ চাহাব, থানা-ফানা যাবলৈ ভাল নহয়। আপুনি চলি যাওক। আৰু বেয়া নাপায় যদি অলপ পাণ-চুৰট খাবলৈ এই পইচা আঠ অনাকে লওক।

 হাৱালদাৰ— নাই বাবু চাহাব পইচা নালাগে; বৰ মানাহি আছে। আপনালোকতো সব জানে। আচ্ছা আগলৈ হাল্লা নকৰিব। আভি যাওঁ।

 (হাৱালদাৰ যায়। তাচ খেলোঁতা ইজনে-সিজনে কোৱাকুই কৰে আৰু তাৰে এজনে আধলি এটি লৈ হাৱালদাৰক দি আহেগৈ।)

 তাচ খেলোঁতা এজন— ললেনেহে?

 দিওঁতাজন— নলব কেলেই, মই তাৰ আও-ভাৱতে জানিছেো নহয়, অকলে বিচাৰে।

 যদুনাথ— এৰা, ভাল অপদখন হ’ল। এই বুৰবকটোহে সকলো সৰ্ব্বনাশৰ মূল। (মনাইলৈ চকু ঘোপা কৰি চায়।)

 মনাই— মোৰ ফালে তেনেকৈ চাব নালাগে। আৰু যদি এইদৰে মৰামৰি কৰিবলৈ হয়, অমুকা ইয়াত নাথাকে। আই ঔ, এইখন বোলে আকৌ ভাল মানুহ। তাচ খেলিও মৰামৰি কৰে। থুই, থুই, এনেখন তাচ নেখেলিলে আকা।

 যদুনাথ— ই দিনে দিনে চল পাই গৈছে আহাম্মখ!

(মাৰিবলৈ খেদা মাৰে, মনাই ওলাই লৰ মাৰে)

দৃশ্যপট পৰে।

 

[৬০]