পৃষ্ঠা:পৰিদৰ্শন.djvu/৬৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
মন্ত্ৰ
 

মৰিল, মৰিল। (বাটেৰে এজন চিপাহী গৈ আছিল, সি এই হাহাকাৰ শুনি সোমাই আহিল।) এইয়া, চোৱা, মৰিল, মাৰিলে। (যদুক দেখি) অ’ আমাৰ দেউতা, তেৱোঁ মৰা নাই, এইবাৰ ৰক্ষা। (চিপাহী দেখি আটায়ে অলপ শান্ত হ’ল।)

 যদুনাথ— এই আপদটো! চিপাহীক মাতি আনিছ কেলেই, গাধাটো।

 মনাই— মই হে হলোঁ গাধা! চিপাহী নহয়, হাৱালদাৰ। এওঁ নোহোৱা হলে দেখোন সেই দুপাতে জোবোৰা-জোবোৰি কৰি মৰিলেইহেঁতেন।

 হাৱালদাৰ— কি হৈছে বাবু আপোনালোকৰ? অপোনালোক ভদ্ৰ মানুহ, এইখন কি হাল্লা পাতিছে।

 যদুনাথ— একো হাল্লা নাই হাৱালদাৰ চাহাব। মোৰ বন্ধু দুজনে ধেমালিহে পাতিছিল, এই গৰুটোৰে চিঞঁৰ বাখৰ কৰি হাহাকাৰ কৰিছে।

 মনাই— এৰা, জগৰ লাগিল অমুকাৰ গাত। আপোনালোকে মৰামৰি, গালাগালি কৰক আৰু চিপাহীয়ে মোক ধৰি নিয়ক। ভাল চাকৰি কৰিছোঁ।

 হাৱালদাৰ— মইতো এৰি যাব নাপাৰিম বাৰু চাহাব। চৰকাৰকা নিমখ খাইকে নিমখহাৰামি কাঁহাসে কৰিব পাৰিম। আপনালোকে আভি থানামে যাব লাগে।

 যদুনাথ— (আটাইকেইজনে চোৱা-চুই লগায়) এৰা, ভাল

[৫৯]