সমললৈ যাওক

পৃষ্ঠা:পৰিদৰ্শন.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মন্ত্ৰ



দ্বিতীয় দৃশ্য

[সৰু পুলি এটা, আন্ধাৰ, লেতেৰা, ধঁপাতৰ ছাই, শাক-পাচলিৰ
চোঁচ ইত্যাদিৰে ভৰা। তাৰ মাজত অকণমানি পীৰা
এখনৰ সমুখত ভাত-আঞ্জা। যদুনাথ খাব বহিছে]

 যদুনাথ— হেৰ মনাই, আৰু কিবা ৰান্ধিছ নে?

 মনাই— আৰু নো কিমান খাব খোজে দেউতা। দিনটোলৈ ৸৹ অনা পইচা দি কব বোলে ইয়াৰে চাউল, দালি, মাছ, ধঁপাত, পান-তামোল, চাহ-চেনী, গাখীৰ সকলো আনিবি। ৸৹ অনা পইচাৰে আৰু কি জুতি খুৱাম লগাই মই।

 যদুনাথ— এই গাধাটোৰ মুখত কথা নোলায়, আখৈহে ফুটে যেনিবা। এইখন কি ৰান্ধিছ গৰুটো। দালি দেখোন সিজাই নাই?

 মনাই— দালিনো সিজে কেনেকৈ। পুৱাই শুই নুঠাতেই পাতিব তাচৰ খেল। মনাই ধঁপাত দে, মনাই তামোল দে, আজি তাতে আকৌ চিপাহীও দে লগালে। মনাইনো তৰো কেনেকৈ? চৌকাৰ জুই নুমাল। দালি নিসিজিলেই। ইফালে আকৌ এঘাৰ বাজিবৰ হল নহয়। মইনো কি কৰিম?

 যদুনাথ— কোনে খায় এইবোৰ! (এইবুলি যদুৱে খঙতে দালিৰ বাটিটো চৰিয়াত বাকি দিব খুজিলে। (বল কৰি মনায়ে হাতত ধৰি)


[৬১]