সমললৈ যাওক

পৃষ্ঠা:পৰিদৰ্শন.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

 যদুনাথ সিটোহাত— কিয় নিদিম? সেই পিটটো চোৱা। মই ৰঙৰ আঠাখন দিছোঁ।

 বিপক্ষ ২য়— তুমি আঠাখন দিছা, নে আমাৰ সিহাতৰ পৰা ওলাইছে? বাজি ৰাখা।

 যদুনাথ সিটোহাত— বাজি, কিহৰ বাজি! তুমি বাৰে বাৰে মোক চোৰ ধৰি মন পাই গৈছা? I will not tolerate it! আচ্ছা, তোমাৰ জুৰিক সোধা।

 বিপক্ষ ১ম— জানো, ময়ে দিছোঁ হবপায়তো আঠাখন।

 বিপক্ষ ২য়— এতিয়া, liar, মিছলীয়া!

 যদুনাথ সিটোহাত— চুপ! মোক বৰ liar নুবুলিবা। মজা দেখুৱাই দিম।

 বিপক্ষ ২য়— কিহৰ মজা দিবা তুমি? তুমি liar, এবাৰ নহয়, হাজাৰ বাৰ liar বুলিছোঁ।

 যদুনাথ সিটোহাত— Donkey, fool, মই liar নে কোন liar দেখুৱাওঁ চা।

 (তাচৰ খেলত হুৰামূৰা মৰামৰি লাগে। কাজিয়া লগা দুজনে ঘুচিয়া-ঘুচি, গালাগালি কৰে। ই দুজনে হাহাকাৰ কৰি কাজিয়া ভাঙিবলৈ যায়।)

 মনাই— (ধঁপাত লৈ প্ৰবেশ আৰু মৰামৰি দেখি আচৰিত) ঔ আই, কি হল, মাৰিলে, তেনেই মাৰিলে, কোন

ক’ত আছা আহাহঁক, মৰিল, মৰিল, চিপাহী ককাই আহাহঁক,

[৫৮]