শিৱ। মই তোমাক কবলৈ কোৱা নাই। ক'লে যে গাত নলয় তাক মই জানো। কিন্তু গাত ল’বলৈ বাধ্য কৰিব লাগিব।
নেনাই। কেনেকৈ?
শিৱ। শুনা। তুমি তোমাৰ ছোৱালীৰ হতুৱাই লোক- নাথেই দোষী বুলি মোকৰ্দ্দমা কৰোৱা। সেই কথা প্ৰমাণ কৰিবলৈ যিমান খৰচ কৰিব লাগে মই কৰিম। সাক্ষী বাদী উকীল-মহৰীৰ সকলো খৰচ মোৰ।
নেনাই। যি লোকনাথে গাভৰু ছোৱালীৰ ছাঁতো ভৰি নিদিয়ে, তেওঁৰ গাত এনে বদনাম দিলে কোনে শুনিব! তাতে আপোনাৰ লৰাই যে দোষী তাক প্ৰায় সকলোৱে জানে।
শিৱ। কোনে কি জানে সেইটো লৈ আদালতত প্ৰমাণ নহয়। প্ৰমাণ হয় ধন খৰচৰ ওপৰত।
নেনাই। লোকনাথৰ গাত কোনো দোষ নাই। বিদ্যাই বৃদ্ধিতে স্বভাৱে-চৰিত্ৰই এনে ভাল লৰা পোৱা নাযায়। লৰাটোক মিছাতে লটিঘটি কৰিলে মানুহে কি বুলিব! মই এনে কাম কৰিব নোৱাৰোঁ। আপুনি আন কিবা এটা উপায় উলিয়াওক!
শিৱ।।আৰু কোনো উপায় উলিয়াব নোৱাৰোঁ! তুমি ছোৱালীজনী মোৰ ওচৰলৈ লৈ আহিবা। মই উকীলৰ লগত পৰামৰ্শ কৰি যি কৰিব লাগে কৰিম। তাকে নকৰি যদি মোৰ লৰাৰ বদনাম উলিওৱা, তেতিয়া হ'লে ভেটি এৰিব লাগিব।