সমললৈ যাওক

পৃষ্ঠা:পৰাচিত.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
তৃতীয় দৃশ্য
৪১
পৰাচিত


বহুতে মোক কৈছে বোলে সেইখন দাখিল দি মোকদমা কৰা ভাল।

শিৱ। কৰিব পাৰা, কিন্তু মোৰ লৰাক একো কৰিব নোৱাৰা। সেইখন জাল বুলি মই প্ৰমাণ কৰি দিম। তাকল সেয়ে নহয়, তোমাৰ ছোৱালীক গোচৰৰ দিন। আদালতত হাজিৰ হবলৈকে নিদিওঁ। তাৰ আগতে তেওঁৰ দিহা কৰা হ'ব। মোৰ হাতত কেনে মানুহ আছে গম পোৱা নাই জানো? নেনাই। সেই দেখিয়েই তো মই কাৰো কথালৈ কাণ নিদি বুধি শুধিবলৈ আপোনাৰ ওচৰলৈ আহিছোঁ। শিৱ। ( কিছু সময় ভাবি ) মোৰ বুধিমতে কাম কৰিবা? নেনাই। আগেয়ে শুনিলেহে ক'ব পাৰে॥ শিল্প। মোৰ বুধিমতে কাম কৰিলে তোমাৰো লাভ, ছোৱালীজনীৰে৷ লাভ। মাত্ৰ মোৰ হে সৰহকৈ কিছুমান টকা যাব। নেনাই। মই একো বুজা নাই। শিৱ। ছোৱালীজনী যাতে লোকনাথে বিয়া কৰায় তাৰ উপায় কৰা হওক। নেনাই। সেইটো কেনেকৈ হ'ব! কত ডাঙৰ মানুহে তেওঁক ছোৱালী যাচিছে, সেইবোৰতে তেওঁ মত দিয়া নাই। 'আমাৰ নিচিনা মানুহৰ ঘৰত তেওঁ বিয়া কৰাব নে। তাতে আগেয়ে হোৱা হ'লেও এক কথা আছিল। এতিয়া তেওঁক ক'মেই বা কি বুলি!