পৃষ্ঠা:পৰাচিত.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় দৃশ্য
৪৩
পৰাচিত


গোচৰৰ শোধ নৌ হওঁতেই তোমাৰ ছোৱালী কোনোবা অজাতিৰ ঘৰ পাবগৈ! সেই মানুহেই যে তাইক আগৰে পৰা ৰাখিছিল তাকো প্ৰমাণ কৰি দিম।।ভাবি চাই কাম কৰিবা।

 নেনাই। ছোৱালীজনীকো সুধি চাওঁ। তাই বা কি কয়।

 শিৱ। সোধাঁগৈ। তাইক বুজাই ক’বা মোৰ লৰাই তাইক বিয়া কৰোৱাৰ কথা যেন সাপোনতো নাভাবে। সেই চেষ্টা কৰিলে তাইৰ বেয়া হ'ব। যদি মোৰ কথা শুনে মই এনেকৈ প্ৰমাণ কৰি দিম যাতে তাইক বিয়া কৰিবলৈ লোকনাথ বাধ্য হয়। তেতিয়া তাই মোৰ যহতে এটা ভাল দৰা পাব, ৰাইজৰো আপত্তি যাব। বুজিছা?

 নেনাই। বুজাত বুজিছোঁ। ( বিশেষভাবে চিন্তিত হয়।)

 শিৱ। অকল বুজিলেই নহয়, কি কৰিব খোজা মোক কালিলৈকে জানিবলৈ দিবা। মই উকীলৰ লগত আলচ কৰি গোচৰটো সজাব লাগিব। মোকৰ্দ্দমা যেতিয়া ছোৱালী আদালতলৈ যাব পৰা হ'ব তেতিয়া দাখিল কৰিলেই হ’ব। তুমি একোকে কৰিব নালাগে, মাত্ৰ এটা সাক্ষী হ’ব লাগিব। বাকীবোৰ সাক্ষী মই যোগাৰ কৰিম। তুমি কি ক'ব লাগিব সময়ত জানিবলৈ পাবা। এতিয়া যোৱাঁ।

  (নেনাই তলমূৰকৈ লাহে লাহে যায়।)

 শিৱ।(ভিতৰৰ পৰা টকা পাঁচোটা আনি) ৰ'বা। শুনা। এতিয়া তোমাৰ জীয়েৰাৰ কিবাকিবি দৰকাৰ হ'ব পাৰে। এই