দিছে। বহুতে মোক কৈছে বোলে সেইখন দাখিল দি মোকৰ্দ্দমা
কৰা ভাল।
শিৱ। কৰিব পাৰা, কিন্তু মোৰ লৰাক একো কৰিব নোৱাৰা। সেইখন জাল বুলি মই প্ৰমাণ কৰি দিম। অকল সেয়ে নহয়, তোমাৰ ছোৱালীক গোচৰৰ দিনা আদালতত হাজিৰ হবলৈকে নিদিওঁ। তাৰ আগতে তেওঁৰ দিহা কৰা হ'ব। মোৰ হাতত কেনে মানুহ আছে গম পোৱা নাই জানো?
নেনাই। সেই দেখিয়েই তো মই কাৰো কথালৈ কাণ নিদি বুধি সুধিবলৈ আপোনাৰ ওচৰলৈ আহিছোঁ।
শিৱ।( কিছু সময় ভাবি) মোৰ বুধিমতে কাম কৰিবা?
নেনাই। আগেয়ে শুনিলেহে ক'ব পাৰোঁ।
শিৱ। মোৰ বুধিমতে কাম কৰিলে তোমাৰো লাভ, ছোৱালীজনীৰো লাভ। মাত্ৰ মোৰ হে সৰহকৈ কিছুমান টকা যাব।
নেনাই। মই একো বুজা নাই।
শিৱ। ছোৱালীজনী যাতে লোকনাথে বিয়া কৰায় তাৰ উপায় কৰা হওক।
নেনাই। সেইটো কেনেকৈ হ'ব! কত ডাঙৰ মানুহে তেওঁক ছোৱালী যাচিছে, সেইবোৰতে তেওঁ মত দিয়া নাই। আমাৰ নিচিনা মানুহৰ ঘৰত তেওঁ বিয়া কৰাব নে। তাতে আগেয়ে হোৱা হ'লেও এক কথা আছিল। এতিয়া তেওঁক ক'মেই বা কি বুলি!