পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“দিহিঙে-দিপাঙে” কাৰণে ই বেচি মাৰাত্মক হোৱাৰো সম্ভাৱনা থাকে। মোৰ সেই দীঘলীয়া ভ্ৰমণতে৷ সৰু বৰ বহুত আলৈ-বিলৈ ঘটনা দুৰ্ঘটনাই দেখ। দিছিলহি। প্ৰৱন্ধৰ আকাৰ ডাঙৰ হৈ যোৱাৰ ভয়ত ইয়াত তাৰ বিৱৰণেৰে বহলাবলৈ সাহ নহল। কাজে কাজেই আমাৰ ভ্ৰমণ জীৱনৰ কেইটিমান মধুৰ স্মৃতিৰ বিৱৰণহে দাঙি ধৰিয়েই ক্ষান্ত থাকিব লগা হল। কুমাৰিক৷ অন্তৰীপত এৰাতি :- সেইদিনা মেই মাহৰ ২৭ তাৰিখ, শুকুৰবাৰ। তেতিয়া মোৰ দাক্ষিণাত্য ভ্ৰমণ ভৰ-পকৰ শেষ অৱস্থাত ভৰি দিছিলহি। ত্ৰিন্নেভেলি নগৰৰ ১৬ মাইল দক্ষিণে থকা নাঙ্গুনেৰী চহৰৰ পৰা সেইদিনাই দুপৰীয়া ঘটৰেৰে ৰাওনা হৈ গধূলি ৬ বজাত নাগৰ-কইল ( অৰ্থাৎ সাপৰ মন্দিৰ ) নামৰ ত্ৰিভাঙ্কুৰ ৰাজ্যৰ প্ৰসিদ্ধ ঠাই পালোগৈ। নংঙ্গুনেৰীৰ পৰা নাগৰ-কইল মুঠেই ৩০ মাইল আতৰত, আৰু তাৰপৰা ১২ মাইল বট গলেই কুমাৰিক। অন্তৰীপ পোৱা যায়! ঠিক সাঁজ লাগো লাগে৷ হওঁতেই আগাৰ মটৰ গৈ কুমাৰিক৷ অন্তৰীপ পালেগৈ। মটহূত যোৱা এজন সহযাত্ৰীয়েই মোৰ অতিথি-গিৰিহত হল। তেখেতৰ নাম শ্ৰম'ন, আৰু বেঙ্কটেশ্বৰ আৱাৰ। তেখেতে মোক আলৈ- আথানি অৱস্থাতেই নি ফল-মুলাহাৰ কৰাই ৰাতিটোৰ কাৰণে তেওঁৰ ঘৰতেই ৰাখিলে। ঘৰলৈ গৈয়েই মুখ হাত ধুই আমি দুয়ো সাগৰৰ পাৰলৈ গলে৷ গৈ। সেই দিনা মোৰ ভাগাত ফাল্গুনী পূৰ্ণিমাৰ জোনালী ৰাতি মিলিছিল। সেই অন্তৰীপৰ ভাৰতব অন্য কোণৰ চুকতেই ভাৰত মহাসাগৰ, বঙ্গোপসাগৰ আৰু আৰব সাগৰ, ত্ৰিসঙ্গন হৈছে। এনেই ভিসমুদ্ৰৰ মিলন তাতেই পুৰ্ণিমা-ৰাতি! কাজে কাজেই ঢৌৰ হেন্দোলনিত গোটেই ভূমণ্ডল, পানীমণ্ডল থৌকিবাথৌ লাগিছিল। সেই সময়ৰ একেটি প্ৰাকৃতিক দৃশ্যই মোৰ মনক স্বৰ্গৰ অময়া- পুৰীলৈ উৰাই লৈ গৈছিল। একে সময়তে পূৱ সমুদ্ৰৰ সেউজীয়া আকাশত চক্‌চকীয়৷ বগা পোহৰৰে “পূৰ্ণ চন্দ্ৰম'ৰ ব্ৰশ্মিয়ে ৰঞ্জিত" হৈ উদঘ হৈছে আৰু ঠিক সেই একে ক্ষণতে একেলগে পশ্চিম সমুদ্ৰৰ অপৰ গৰ্ভত হেঙুলীয়৷ সূৰ্য্য- দেৱতাই লুকাবলৈ কাৰবাৰ কৰিছে! আৰু মাজতে পূৰ্ণিমা ৰাতি প্ৰৱল প্ৰচণ্ডভাৱে খুন্দিয়াই থৰ-যুগুতি হেকওৱা ঢৌবোৰে দুই ৰঙৰ সম্মিলিত পোহৰৰ মাজতে ৰূপালী ৰংচঙীয়' জোনাকী সোণালী হৈ চিকমিকাব লাগিছে। কেনে মধুৰ দৃশ্য! চিৰদিন তেনে দৃশ্যকে চাই থাকিবৰ মন যায়। কিন্তু সি ক্ষন্তেকীয়া! পৃথিবীৰ সকলো বস্তুৱেই ক্ষন্তেকীয়৷। এই ক্ষন্তেকীয়৷ সুমধুৰ স্বতিবোৰেই ক্ষন্তে- by