পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ এঘণ্টামান চাই দুৰ্গৰ ফাললৈ খোজ ললো হয়; কিন্তু হেপাহ হলে নপলাল। মন গৈছিল তাকে যেন চায়েই থাকেঁ!। এই সকলোবোৰ দেখি শুনি সপোন যেনেই লাগিল। তথাপি সন্দেহৰ ভাব ৰ'ল—ই দিঠক নে, সপোন? (খ) দাক্ষিণাত্য অভিমুখে। আমাৰ “ইণ্টাৰমেদিয়েট” পৰীক্ষা শেষ হবৰ হৈছে। ফেব্ৰুৱাৰী মাহৰো শেষ সপ্তাহত ভবি দিলেহি। ইংৰাজী ১৯৩২ চন। কলেজ বন্ধ হবলৈ তেতিয়া যদিও ডেমাহ বাকী আছিল, তথাপি পৰীক্ষাৰ্থীসকলৰ কাৰণে পৰীক্ষাৰ পিচৰ পৰাই কলেজ বন্ধ বুলিব লাগে। সেইহেতুকে সেইবাৰ আগাৰ পক্ষে গৰমৰ বন্ধ চাৰিমাহ আছিল। পৰীক্ষা শেষ হৈ যোৱাৰ লগে লগে যেনেকৈ এফালে মনটো পাতল হৈ যাবলৈ ধৰিলে, সিফালে এইহেন দীঘলীয়৷ বন্ধটো কি উদ্দেশ্যৰে কটাব পাৰে। তাৰ ভাৱে মনটো চিন্তাকুল কৰি পেলালে। এনেতে এদিন হঠাতে মাদ্ৰাজৰ “আবায়া”ৰ চহৰৰ পৰা তাত বহিব লগা “বিশ্ব থিম্নচফিকেল চোচাইটি”ৰ অধিবেশনলৈ নিমন্ত্ৰণ কৰি প্ৰতিনিধি মনোনীত কৰা এখন চিঠি আহি মোৰ হাতত পৰিলহি। চিঠি পায়েই মই আনন্দত উত্ৰাৱগ হলে॥ ভাই বন্ধুসকলক শুভ বাৰ্ত্ত| দি কেতিয়া পৰীক্ষা শেষ হয় আৰু কেতিয়া যাত্ৰা আৰম্ভ কৰিব পাৰে। তাকেহে ভাবিবলৈ ধৰিলো। দিনৰ পাচত দিন যোৱাৰ লগে লগে মোৰ মনৰ অ'নন্দ আৰু ইচ্ছাৰ প্ৰৱল আকৰ্ষণৰ ভাৱ বেছিহৈ খাবলৈ ধৰিলে। এইদৰে উখল-মাখলৰ মাজেদি দিন কটাবলৈ ধৰিলে॥ মনত একমাত্ৰ ধন্দঃ – এইবাৰ বন্ধটে। ভালদৰে আৰু উচিত ভাৱে কটাব পাৰিম; নানা দেশত ভ্ৰমি নানা মানুহৰ লগত চিন! জনা হৈ ভ্ৰাতৃত্বৰ বন্ধোনত বন্ধ খাই বিশ্বপ্ৰেমৰ ৰহঘবাৰ পৰিতৃপ্তিৰ বাটত ভৰি দিবলৈ থোপনি পাম—ইত্যাদি ভাৱে আহি মোৰ মন ব্যাকুল কৰি পেলালেহি। সেইদিনাই ইং ২৬ ফেব্ৰুৱাৰী, আৰু সেইদিনাই মোৰ সেই দীঘলীয়া যাত্ৰা আৰম্ভ কৰাৰ দিন। দুপৰীয়া ভাত-পানী খাই উঠি লগৰ বন্ধু-বান্ধৱ সকলৰ পৰা বিদায় লৈ অন্তৰত অশেষ চিন্তা আৰু উদ্বিগ্নতাৰ ভাৱ লৈ ভগৱানৰ নাম সুৱঁৰি মোৰ যাত্ৰা আৰম্ভ কৰিলোঁ। দূৰণি-বটিয়৷ ভ্ৰমণকাৰীসকলে “অনাগত বিধাত।” হৈ এইটে। মনতে ভাবি যোৱা উচিত যে তেওঁলোকৰ ভ্ৰমণত সৰু বৰ বহুতো ঘটনা-দুৰ্ঘটনা অতি- ক্ৰম কৰি যাব লগা হয়েই। তাতে আকৌ অকলশৰীয়া হৈ যোৱা সকলৰ