পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ প্ৰস্তাৱ সভাপতি ৰাষ্ট্ৰনায়ক পণ্ডিত জওহৰলালে ঘোষণা কৰি গ্ৰহণ কৰা আৰু ৩১ ডিচেম্বৰৰ দিনা ৰাতি বাৰ বজাত সদলবলে সেই ৰাষ্ট্ৰপতি জওহৰলালেই সমদল কৰি গোটেই লাজপৎ ৰায় নগৰ দলদোপ্‌, হেন্দোল দোপ্ কৰাৰ দৃশ্য উত্তৰ ভাৰত ভ্ৰমণৰ এক লেখত লবলগীয়া মধুৰ স্মৃতি হৈ এতিয়াও প্ৰত্যেক ক্ষণতে অস্তৰত জিলিকি আছে। সপোনত পোৱা যেন সেই অমিয়া মধুৰ স্মৃতি সদায় মধুময় হৈয়েই থাকিব। তাজমহলভ এপাক-লাহোৰৰ পৰা ঘৰমুৱ হৈ আহোঁতে বাটতে আগ্ৰাত সোমাই ভাৰতৰ অমূল্য ৰতন তাজমহলটে। চাই আহিবৰ মন গল। বৰ্ত্তমান আৰু প্ৰাচীন ভাৰতৰ ৰাজধানী দিল্লী চহৰ চাই লৈ দিল্লীৰ পৰা “লাহোৰ হাওৰা এক্সপ্ৰেচ” ৰেলগাৰীত আহি পিচদিনা ধল- পুৱাতেই আগ্ৰা ফৰ্ট ষ্টেচন পালোহি। তাত নামিয়েই যমুনা নৈৰ পাৰত জলাহাৰ পান কৰি অকলেই তাজমহললৈ যাত্ৰ৷ কৰিলো। তাৰ পৰা তাজমহললৈ ঘূৰি পাক মাৰি গলে দুমাইল মানেই দূৰ হব। সেইখিনিতে যমুনা নৈয়ে এটি ডাঙৰ পাক দিয়াৰ কাৰণে তাজমহলটো নগৰৰ একে পাৰে থকা স্বত্বেও দেখাত নৈৰ সিপাৰে থকা যেন লাগে। অকলসবেই তাজমহলক উদ্দেশ্য কৰি তালৈ চাই চাই গৈ আছে। যদিও কেতিয়ানো সেই দুমাইল বাটকুৰি বাই গলো কবই নোৱাৰিলো। দূৰৈৰে পৰা তাজমহলৰ দৃশ্য দেখি মোৰ হন উত্ৰাৱল হ'ল আৰু কেতিয়! ওচৰ পাও কেতিয়৷ ওচৰ পাও লাগিবলৈ ধৰিলে। } প্ৰথমতে দূৰৈৱে পৰ৷ সেই অপূৰ্ব দৃশ্যটি দেখি সপোনৰ কিব৷ এটা ৰহস্য যেন লাগিছিল। প্ৰথমতে গড়েৰেনৈতে সজ্জিত তি·ি টুপীয়া বাটচৰাটে দেখা পালে॥ বাটচৰ! পাৰ হৈয়েই মনোৰম উত্থান আৰু সৰু সৰু পকীঘৰৰে সৈতে মণ্ডিত বৃহৎ টোলটে৷ পায়। টো-টোৰ এফালে যমুনা নৈৰ পাৰতে তাজম- হল অট্টালিকাটে। অৱস্থিত। উদ্যানত বেছিকৈ সৰল গছৰ পাতৰ দৰে পাত থকা এবিধ সৰু গছ দেখা যায়। সেই দৃশ্যই ইউৰোপৰ অতীত সভ্যতাৰ কেন্দ্ৰস্থল বেবিলনৰ সৌন্দৰ্য্যৰ আভাষ দিয়ে। বাটচৰাৰ পোনে পোনে সোমাই গৈয়েই কেবাটাও উহেৰে (fountain) সৈতে থকা এট৷ পুখুৰী পোৱা যায়। সেইখিনিতে অলপ 'ওখ। পুখুৰীৰ চাৰিওপাৰে মাৰ্ব্বোল পাথৰেবে ৰন্ধোৱা আৰু ফুলৰ গছেৰে সুশোভিত। পুখুৰীৰ মাজতে এটা ডাঙৰ উহ। বাহিৰৰ বস্তুবোৰৰ ভিতৰত মানুহৰ মন বিশেষকৈ সৰল গছৰ নিচিনা সৰু সৰু গছৰ কলচিৰ দৰে ওপৰলৈ মূৰকৈ থকা সৌন্দৰ্য্যই বেছি আকৰ্ষণ কৰে। সেই সৌন্দৰ্য্যই