পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“দিহিঙে-দিপাত্তে” ৰাগীত পৰ। হয় ভ্ৰমণকাৰীৰ গাত গোঁসাই নাইকিয়া হয় আৰু তেতিয়৷ ঠিক বলিয়াৰ দৰেই অনাই বনাই খুৰি ফুৰিবলৈ বাধ্য হয়। সেই কাৰণে ভ্ৰমণ- কাৰীৰ ভ্ৰমন ৰাগীত পৰা অৱস্থা বৰাগী বলিয়াৰ অনাই বনাই ঘুৰি ফুৰা অৱস্থাৰ লগত ৰিজোৱা হৈছে। সেই অৱস্থাই হৈছিল,—মোৰো। সেই- বাবেই সত্যৰ খাটিৰত কব লাগিব যে মোৰ ভ্ৰমণ কাহিনীতে! তেনে কোনো বিশেষ উদ্দেশ্য বা লক্ষ নাছিল—দহ ঠাই দেখি, দহোজনৰ লগত মিলি চা-চিনাকি হোৱা আৰু দহ কথা শিকাই মোৰ মনৰ একান্ত ইচ্ছা আৰু প্ৰৱল উদ্দীপনা আছিল আৰু সেই ফেৰ সুখকে অনুভব কৰা মোৰ হেপাহ তেতিয়াও আছিল, এতিয়াও আছে আক বোধ হয় আগলৈকে৷ থাকিব। (ক) উত্তৰ ভাৰতত এভুমুকি। ইং ১৯২৯ চনটো বৰ লেখত লব লগিয়া আছিল। তেতিয়া বৰদিনৰ বন্ধ ওচৰ চাপি আহিছিল। মইও তেতিয়া কটন কলেজৰ প্ৰথম বাৰ্ষিক শ্ৰেণীৰ ছাত্ৰ। কলেজলৈ নতুনকৈ অহ৷ ছাত্ৰসকলৰ পক্ষে পূজাৱৰ ৱন্ধ আৰু বৰদিনৰ বন্ধ দুটা বৰ অনিন্দদায়ক হয় — মাক বাপেক ভাই ভনীৰপৰা কিছুদিন আত- ৰত থাকি এই বন্ধৰ ঘৰলৈ যোৱাৰ এটা সুবিধা পোৱাৰ কাৰণেই। মোৰ অম্বৰতো বন্ধু' ওচৰ চাপি আত যদিও অলপ আনন্দৰ ভাবে দেখা দিছিল, সি লৈ যোৱাৰ আশাত হাৱা নাছিল; সি আকাঙ্ক্ষাৰ প্ৰবল ৰাগীত পৰি সেইবাৰ সুদূৰ লাহোৰ চৰত হব লগা ভাৰতীয় জাতীয় মহাসভাৰ বিপুল আয়ে'জন অধিবেশন চোৱাৰ আৰু লগতে উত্তৰ ভাৰতত এভুমুকি মাৰিবলৈ হোৱা প্ৰৱল 'ইচ্ছাৰ পৰিপূৰ্ণতাৰ আশাতহে। ঘৰৰপৰা টকা কড়ি অ'ঞ্চ কলেজৰ নিয়ম-কানুনৰ কঠোৰ শাসনৰপৰ৷ যদিও মই বাধা বিঘিনি পাব লগা হৈছিলে। মোৰ আকাঙ্ক্ষাৰ প্ৰৱল সোঁতৰ বিৰূদ্ধে সেইবোৰ হেঙাৰে মোক বাধা দি ৰাখিব নোৱাৰিছিল। সেইদিনা ডিচেম্বৰ মাহৰ ২০ তাৰিখ শুকুৰবাৰ। গধূলি ডাক গাৰীত গোলাঘাটৰ পৰা অহ৷ দুজন সহযাত্ৰীৰে সৈতে মই উত্তৰ ভাৰত মুৱা হৈ যাত্ৰা কৰিলোঁ। লাহোৰলৈ যাওতে বাটত যিখিনি চাবলগীয়া ঠাই পাই সেই এটাইখিনি চোৱাৰ ভাগ্য আমাৰ কপালত ঘটিছিল। সেই কেইদিন লাহোৰ চহৰত লাজপত ৰায় নগৰত হোৱা কংগ্ৰেছ মহাসভাৰ অধিবেশনত উপস্থিত থাকি ভাৰতৰ স্বাধীনতা দিন প্ৰথমবাৰ পালন কৰা, মুকলি সভাত স্বাধীনতা