পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮১
“দিহিঙে-দিপাঙে”


মোক আপোন পহিৰ! কৰি পেলাইছিল। তেতিয়া মোৰ মনত দুটা প্ৰশ্ন উদয় হৈছিল। (১) তাজমহলৰ দৃশ্যটো প্ৰকৃততে দিঠকনে সপোন? (২) যদি দিঠকেই তেনেহলে ই অতীত কীৰ্ত্তি নে, বৰ্ত্তমানৰ কাৰুকাৰ্য্য! তাজমহলটে। দুমহলীয়া। তাৰ ভিতৰত পোনেই সোমাই দেখিলে। ভিতৰৰ খোটালিৰ সোঁমাজতে দুটা দীঘলীয়া কবৰ থিয় হৈ আছে। বুজিবলৈ বাকী নেথাকিল যে এই দুটাই জগতত দাম্পত্য প্ৰেমৰ জ্বলন্ত নিদৰ্শনৰ মুৰ্ত্তিমান পদুমৰ দুটি পাহি স্বৰূপ মমতাজ আৰু চাহজাহানৰ কবৰৰ পৰিশেষ। সেই খোটালিৰ চাৰিওফালে সেই একে গঢ়তে সজা কেবটাও সৰু সৰু খোটালি আছে আৰু প্ৰত্যেক খোটালিতে দুট। দুট। এট। সৰু আৰু এট। ডাঙৰ কবৰৰ চিন আছে। খোটালি বোৰৰ গঠন দেখি অনুমান কৰিব পাৰি যে ঘৰটো সাজোঁতে বহুত জোখ-মাখ ৰাখিহে সাজিছিল। ওপৰ মহলতো সেই একে গঠনকে দেখা যায়। বোধ হয় ওপৰ মহলটো তলৰ মহলৰ অনুকৰণতেই সজা হৈছিল। উল্লেখ কৰা বাহুল্য মাথোন যে গোটেই তাজমহলটো মাৰ্ব্বোল পাথৰেৰেই সজোৱা। তাজৰ চাৰিওফালে চাৰিটা ওখ স্তম্ভ আছে। সেই শুম্ভ কেইটাক “মিনাৰ” বোলে। দেখিবলৈ আৰু গঢ়ে ঠিক দিল্লীৰ “কুটুব মিনাৰ”ৰ নিচিনা। মিনাৰৰ ওপৰত বৰ বতাহ। তাৰ ওপৰৰ পৰা দলঙেৰে সৈতে যমুনা নৈৰ প্ৰাকৃতিক দৃশ্য আগ্ৰা চহৰৰ সৌন্দৰ্য্য আৰু “মতি মচ্‌জিদ”ৰ জিক্‌মিকনি সুন্দৰকৈ দেখিবলৈ পোৱা যায়। তাতোকৈ দেখিবলৈ মনোৰম হয় এমাইলমান দুৰৈত থকা “কিল্ল।” বা ৰাজ-অট্টালিকাৰে আবৰি থকা দুৰ্গটে। আমাৰ ইয়াত ভুৱনেশ্বৰী পাৰৰ পৰা ব্ৰহ্মপুত্ৰ নৈ খন যেনেকৈ এখন ভাঙা পাৰি থোৱা চেলেং-কাপোৰ হেন দেখি থিক তেনেকৈ “মিনা”ৰৰ ওপৰব পৰ! যমুন৷ নৈখন দেখি, আৰু আমাৰ ইয়াত শৰণীয়। পাহাৰৰ টিঙ্গৰ পৰা ব্ৰহ্মপুত্ৰ নৈৰে সৈতে গুৱাহাটী চহৰখন যেনে দেখি মিনাৰৰ ওপৰৰ পৰ৷ যমুনাৰে সৈতে আগ্ৰা চখন ঠিক তেনে দেখি। তাৰ পৰা নামি আহি তাজমহলৰ চৰিওফালে এপাক মাৰি বিদায় ললোঁ৷ কিতাপত পঢ়িছিলোঁ— তাজমহলটে। কালি সজাৰ দৰে দেখা যায়। বাস্তবিকতে ই সঁচা। মাৰ্ব্বেংল বিলাক ইমান মিহি যে তাত হাত দিলে হাত পিচলি যায়। ইয়াক এনে গঢ়ত সজা যে ইয়াক যি ফালৰে পৰা চোৱ! যায় সেই- ফালৰ পৰা একে দেখি। মাজতে “এটা ডাঙ্গৰ টুপঘৰ আৰু দুফালে দুট৷ সৰু টুপঘৰ---এই গঢ়কে দিল্লী আগ্ৰাত থক। মোগল সম্ৰাট সকলে কৰা প্ৰায়বোৰ ভগ্নাৱশেষৰে বিশেষত্ব। বাট-চ’ৰা বিলাকৰ আকৃতিও ঠিক একেই। এইদৰে

.

১১