পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“দিহিঙে-দিপাঙে” অসমীৰাতে এষাৰ কথা আছে—অমুকাই অমুকটো বিচাৰি দিহিঙে-দিপাঙে ঘুৰি ফুৰিছে। এই কথাষাৰিৰ এটা অৰ্থ আছে! তাহানি ৰেল জাহাজ মতৰ চাইকেল নোহোৱ৷ কালৰ অসমত লুইতৰ বৰ জীয়াৰী দিহিং আৰু সৰু জীয়াৰী দিপাং নদীৰ গতি নিৰূপন কৰা বৰ কঠিন আছিল। দিহিং আৰু দিপাঙত উভাই ভটিয়াই কোনোবাই যদি বেহা কৰিবলৈকো যাব লগা হৈছিল হলত পৰুৱাই গোৱাৰ দৰে তেওঁক জলতো পৰুৱাই পাব বুলি আশঙ্কা কৰা হৈছিল। সেই কাৰণে “দিহিঙে দিপাঙে ফুব৷” শব্দটোক সাধাৰণতে মানুহক জল থূল দুয়োটাতে ৰুৱাই পাই ঘুৰাই ফুৰোৱা অৱস্থাকে বুজাইছিল আৰু সেই বাবেই অনিশ্চিত নানা দূৰ ঠাইলৈ গৈ অনাই বাই ঘুৰি ফুৰাকে দিহিঙে দিপাঙে ঘুৰা বুলি কোৱা হয়। কবিয়ে গাইছে,— “কিনে৷ বিচাৰি ফুৰ ঘুৰি ঘুৰি বলিয়৷ বৰাগী ঐ; কি হেৰুৱালী তই?” – কবিৰ এই প্ৰশ্নৰ উত্তৰ দিয়া বলিয়া বৰাগীৰ পক্ষে যিমান কঠিন, দিহিঙে দিপাঙে ভ্ৰমি ফুৰ৷ ভ্ৰমণ-কাৰীৰ পক্ষেও ভ্ৰমণৰ স্থিৰ উদ্দেশ্য বুজাবলৈ যোৱা ভিমান দুৰূহ; বৰাগী বলিয়াৰ মনৰ অৱস্থাৰ যেনেকৈ স্থিৰতা নাই ঠিক তেনেদৰেই ভ্ৰমণকাৰীৰো ভাব আৰু মনৰ অৱস্থাতো স্থিৰতা নাই। ই আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা। যলৈকে মন যায় তলৈকে যোৱা, যতে মন যায় ততে থকাই দিহিঙে-দিপাঙে ঘুৰি ফুৰ৷ ভ্ৰমণকাৰীৰ মনৰ উদ্দাম গতি; কাজেই আমাৰ ভ্ৰমণ কাহিনীতে৷ এনে এট। ধৰা বন্ধ৷ ক্ৰম বা গতি ধৰি দিয়া অসুবিধা। সেই কাৰণে আমাৰ ভ্ৰমণ জীৱনৰ কেইটিমান অমিয়া মধুৰ স্মৃতিৰ সমাবেশৰ বিৱৰণৰ ছবি এখনিহে কেৱল দাঙি ধৰিবলৈ প্ৰয়াস কৰি এই প্ৰবন্ধটিত গঁথা হৈছে। ভ্ৰমণ-কাৰীৰ পক্ষে ভ্ৰমণ এটা উৎকত ৰাগী। এই ৰাগীত পৰি মত- লীয়া হৈ ভ্ৰনণ-কাৰীৰ গাত কি বায়ু লাগে তাক বুজোৱা টান। ভ্ৰমণৰ ৰাগীত এবাৰ মতলীয়া হলে তাৰ পৰা এৰা দিয়াও টীন। যেতিয়৷ ভ্ৰমণৰ