পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ভাষাৰ বৰ্ত্তমান লেখা প্ৰণালী আৰু আথৰ যোটনিৰ সম্পৰ্কে ৭৭ সঙ্গ বাটলৈ নিবলৈ চেষ্টা কৰিছে। অলপতে “Statesman” কাকতত পঢ়িলো যে ইংৰাজী ভাষাতে৷ লেখা কথাৰ আখৰ যোটনি সবল কৰিবলৈ এটা আন্দোলন চলিব লাগিছে। তাত লেখিছিল “A number of representative Bodies of some Universities in England togther with a large number of members of Parliament, and some bishops have very recently made an appeal to the Board of Education in England, demanding simplification of spelling of English words, stating that the English language is the simplest in Europe, but its spelling is most difficult and irregular, " অমাৰ দেশৰ স্কুলৰ তল শ্ৰেণীৰ অসমীয়া অঙ্কৰ কিতাপত সৰু সৰু লৰা- ছোৱালীবিলাকক টঙ্কা, অনা, পাই, গণ্ডা, কৰা, ক্ৰান্তি, কাক, তিল—(এইখিনি মই আখৰেৰে লিখিবলৈ বাধ্য হলো, কাৰণ অঙ্কৰে লিখিবলৈ মোৰ সাধ্য নাই। ) এইবিলাক পঢ়িবলৈ আৰু শিকিবলৈ দিছে। • আমাৰ দেশত পাই নাই, গণ্ডা নাই, কৰা নাই, ক্ৰান্তি নাই, কাক নাই, তিল নাই—এইবিলাক শিক্ষাৰ মহৎ উপকাৰ কি তাকো মই নেঙ্গানো—কিন্তু কিতাপত আছে, অংক শিক্ষা বিভাগৰ বৰ্ত্তাসকলে সৰু সৰু লৰা-ছোৱালীবিলাক শিক্ষা দিবই লাগিছে। তেনেকৈয়ে আমাৰ ভাষাত নংকা বেত্তখিনি আখৰ কিতাগত ৰাখি আমাৰ ভাষাত নলগা নচলা কথাৰ শিক্ষা দিয়াৰ নিষ্প্ৰয়োজনতাও আমি সকলোৱে দকৈ ভাবি আলোচনা কৰিবলৈ মই আপোনালোকব ওচৰত এই প্ৰৱন্ধৰ ওস্তাৱ ডাঙি ধৰি আজিৰ মোৰ বত্তব্যৰ সামৰণি মাৰিলোঁ।