পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰবন্ধ-সংগ্ৰহ ঠাই ললে। আন কি বড়ো-কাছাৰিৰ ভাষাৰ দিনৰে পৰা চলন্তি “বৰ্ণসিৰি” নৈ হল “ধন-শ্ৰী নদী” আৰু “সোৱণ-সিৰি নৈ” হল “পূবৰ্ণ-শ্ৰী নদী”!! নিৰ্ভাজ আৰু থাতি শব্দ এৰি তাৰ পৰিবৰ্ত্তে অচলিত মূলশব্দ ব্যৱহাৰ কৰি চলন্তি কৰিবলৈ ধৰাই ভাষাৰ জীৱনী শক্তি কেৱল লুপ্ত কৰিবলৈ ধৰে। এজন ভাষা- তত্ত্বজ্ঞ পণ্ডিতে কৈছিল, – “The displacement of familiar words by their Sanskrit originals can be justified by no reason- able grounds. The ousting of. words of non-Sanskrit origin, whether aboriginal or foreign is equally indeferr- sible. Purism is radically unsound, and has its origin in a spirit of narrowness." ( Calcutta Review October 1877) বিদেশী ভাষাৰ শব্দ আমাৰ ভাবাত সুনাব নেলাগে বুলি মই কৈছো যেন আপোনালোকে মোক ভুল মুবুজিব! আমাৰ ভাষাত নথকা কথাৰ শব্দ, মামাৰ ভিতৰত চলিব, আৰু ভাযাত সোমাৰ, আৰু বিদেশী ভাৱৰ কথাও অমাৰ সদ'য়ু গ্ৰহণীয়। ইংৰাজীয়ে “জঙ্ঘল,” ‘পণ্ডিত' আন কি ”কৈ হেই” শব্দ ও হজম কৰিছে–আমি নকৰিম কিয়? “স্কুল”, “পেন্সিল,” “কমিতি,” চিনেমা, নটৰ গাড়ী প্ৰভৃতি শব্দও আমাৰ পেটত হজম হৈছে যেন পাওঁ, কিন্তু ‘গাৰ নোম শিয়ঁৰি উঠ’ নেলেথি “লোম হৰ্ষক ব্যাপাৰ,” “সমদল” নেলেখি “শোভা-যাত্ৰ।” আদি বঙালী ভাষাৰ অনুকৰণে ভাষ৷ উন্নত নকৰে, আৰু বঙ্গাছীৰ “বলতে গেলে”ৰ অসমীয়া ভাঙনি “কব- গলে” কৰি লেখিলেই অসমীয়া হব নোৱাৰে।

এই দৰে অসমীয়! ভাষ৷ সংস্কৃতীয়া কৰি লেখিবলৈ যত্নপৰ হওঁতে, আমি কেৱল বঙ্গালী ভাষাৰ অণুকণ কৰি ভাষাৰ অৱনতি ঘটাবলৈ এৰি দি উদাসীন হৈ থকা আমাৰ উচিত হৈছে নে? আমাৰ বৰ্ণামালাৰে পৰা লেখাৰ শব্দা- ৱলীলৈকে এটা নিৰিং-নিপানি নিয়মত চলি ভাষ৷ সঙ্গ বাটলৈ তুলি আনিবলৈ সকলো চিন্তাশীল অসমীয়াৰ উচিত যেন পাওঁ। বৰ্ণমালাৰ সংখ্যা কম কৰা, সংস্কৃতৰ বা বঙ্গালী ভাষাৰ শব্দাৱলী ব্যৱহাৰ নকৰিবলৈ কোৱা মোৰ এই কথা যেন কোনোৱে নিজৰ ধৰ্ম্ম ত্যাগ কৰিবলৈ কোৱাৰ দৰে খং নকৰিব আৰু ভাষা সৰল আৰু পোনপটীয়া কৰিবলৈ উদাৰ নৈতিক সকলো ব্যক্তিয়ে এবাৰ ভাব কৰি চাব লাগে। কলিকতা ইউনিভাৰ্চিটিয়ে বঙ্গালী ভাষাৰ বহুত শব্দৰ অস্বাভাৱিক আথৰ যোটনি বদলাবলৈ প্ৰস্তাৱ কৰি বঙ্গালী ভাষাৰ লেখা