পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ভাষাৰ বৰ্তমান লেখা প্ৰণালী আৰু আথৰ যোটনিৰ সম্পৰ্কে ৭৫ পৰিবৰ্ত্তে অসমীয়া চলাবলৈ হুকুম হোৱাত, ইয়াৰ বঙ্গালী প্ৰবাসী সকলে এই হুকুমৰ বিৰুদ্ধে ঘোৰ আপত্তি জনাই কয় যে “অসমীয়া লৰাৰ মিত্ৰৰ” আৰু সেই সময়ত লেখা আন আন কিতাপৰ ভাষা অ-সংস্কৃতীয়া, নগা, চিংফৌৰ লগৰ ভাষা আৰু পঢ়াৰ বা লেখিবলৈ সি তেনেই অযোগ্য। আৰু বঙ্গালী ভাষাই- হে সম্পূৰ্ণ সংস্কৃতীয়া আৰু আৰ্য্য-ভাষা। অসমীয়া লেখকসকলে বঙ্গালীবিলাকৰ লগত বাদ-প্ৰতিবাদ কৰিছিল হয় কিন্তু নিজৰ ভাষাও আৰ্য্যভাষাৰ শ্ৰেণীলৈ নিবলৈ লাহে লাহে যত্নপৰ হৈ আগৰ “প্ৰাকৃতৰ” পৰা অহা আৰু ২০০০ বছৰ ধৰি পৰিপুষ্ট হোৱা আখৰ-যোটনি লাহে লাহে ঘিণ চকুৰে চাবলৈ ধৰিলে আৰু তাৰ ঠাইত সংস্কৃত্তৰ অনুপাতে 'কৰি লবলৈ ধৰে, আৰু ১৮৮৭ চনত সংস্কৃত পণ্ডিত শ্ৰীযুত নাৰায়ণচন্দ্ৰ বিদ্য/ভূষণে তেনেই সংস্কৃত সূত্ৰেৰে অসমীয়া ব্যাকৰণ এখন প্ৰণয়ন কৰি লেখা ভাষাৰ গঢ় একেবাৰে অনা-অসমীয়া কৰি, “অসভ।” অসমীয়াৰ গাহ-কথাও "সভ্য” শ্ৰেণীত লেখিবলৈ তুলি ললে। যেতিয়াৰে পৰ৷ আমি অসমীয়া নিখুত শব্দবিলাক ত্যাগ কৰি তাৰ ঠাইত সংস্কৃত শব্দ অদৰ কৰিবলৈ ধৰিলে!, অক চাওঁতে চাওঁতে আমাৰ নিৰ্ভাঁজ সুন্দৰ অসমীয়া শব্দ কেতথিনি লুপ্ত হবৰ উপক্ৰম হল। 'অভইচ’ৰ ঠাইত অশ্লীল, “অসতীৰ” ঠাইত ভ্ৰষ্টা, “আওটনি” ঠাইত অপৰিস্কা, “আখলৰ” ঠাইত চৌক!, “আলৰ” বা “আথৰ”ৰ ঠাইত অস্থিৰ, “আপদালৰ” ঠাইত প্ৰতি- পালন, “আপাহৰ” ঠাইত অনুগ্ৰহ, “আপ্তৰ” ঠাইত বিশ্বাসী ইত্যাদি সংস্কৃত বা বঙ্গালী শব্দ ব্যৱহাৰ কৰিলোহক আৰু তেনেকৈয়ে বহুত অসমীয়া ভাবপূৰ্ণ ( যিবিলাক বঙ্গালী ভাষাত নায়েই ) শব্দ আমাৰ আধুনিক লেখাত পাবলৈ নাইকিয়। হল, আৰু এনে শব্দবিলাক যেনে “খু-দুৱণি”, “ধি-ধিয়ণি” “পাৰলি পৰা” “পাৰল পৰা”, “থকাথৈয়া”, “খকজ। লগা” আৰু গা-ধৰা, গা- কৰা, গা-ৰোৱা, গা-যোৱা গা-চাই ফুৰা, গা-ঘেলাই ফুৰা, গা-ভাল হোৱা, গা- পাতি লোৱা আদি শব্দৰ অৰ্থকে আমাৰ শিক্ষিত লেখক সকলে আজি বুজিবলৈ টান পাই আহিবলৈ ধৰিলে। < তাৰ লগে লগে অসমীয়! ব্যাকৰণৰ সূত্ৰত গঠিত হোৱা বহুত শব্দও আজি সংস্কৃতৰ ব্যাকৰণত বান্ধি ব্যৱহাৰ কৰি শব্দৰ “গৌৰৱ” বঢ়াবলৈ ধৰিলো। আজি আমি “আউঅটীয়া’”, “দক্ষিণপটীয়৷”, “কমলাবৰী”, মুবুলি “আউণি- আটীয়” “দক্ষিণপাটীয়” “কমলাবাৰীয়” আদি বুলিবলৈ ধৰিলো। আৰু পৰ্ব্বতীয়া, গৃহস্থালিশ, পণ্ডিতালি আদিৰ শব্দৰ ঠাইত ‘পাৰ্ব্বত্য” “গাৰ্হস্থ্য” “পাণ্ডিত্য” শব্দই