পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰবন্ধ-সংগ্ৰহ পুথি লেখোঁতাই বা নকল কৰোঁতাই ইয়াৰ শব্দবিলাকৰ আগৰ যোটৰ্নিত ভুল কৰিছে বুলি কবৰ মোৰ সাহে আগ নেবাঢ়ে। মাধৱ কন্দলী, হেমসৰস্বতী পুৰোষোত্তম গজপতি, শঙ্কৰদেৱ, মাধৱদেৱ অনস্ত কন্দলী আদি পণ্ডিতে ভুল কৰিছে বা তেওঁলোকৰ পুথি নকল কৰোতাই ভুল কৰিছে বুলি কব নোৱাৰি। আমি আজি কালি পুৰণি পুথি ছপাকৰি প্ৰকাশ কৰোতে মাত্ৰ সেইথিনি আধুনিক আখৰ যোটনিৰ অনুসাৰে “শুদ্ধকৰি” আমি ছপা কৰি কেৱল আমাৰ পুৰণি লেখক সকলৰ পণ্ডিতালি নষ্ট কৰিছো আৰু তেওঁলোকৰ লেখাৰ শুদ্ধতা আক ভাষাৰ ক্ৰমিক বিকাশ পোৱ৷ পথৰ অনুসন্ধান কৰিবলৈ বাট বন্ধ কৰিছো। ইয়াৰ পাছৰ শতিকা অৰ্থাৎ ঊনবিংশ শতিকাত আমি কি পাইছিলো তাকে। এবাৰ ভালকৈ চাব লাগে। 98 .. ঊনবিংশ শতিকাৰ প্ৰাৰম্ভনতে মানে দেশ আক্ৰমণ কৰি যেতিয়া আমাক ব্ৰিটিছৰ তললৈ আনে, তেতিয়৷ আমাৰ ভাষা বঙ্গালী ভাষাৰ গৰাহত পৰি ক্ষন্তেকলৈ ভাষা একেবাৰে নিশ্চল হৈ ৰয়। পাছত' সেই গৰাহৰ পৰা উশাহ পালত, ভাষ৷ উদ্ধাৰ কৰিবৰ প্ৰয়াসত বিদ্বান আৰু বিজ্ঞ আনন্দৰাম ঢেকিয়াল ফুকনে “অসমীয়া লৰাৰ মিত্ৰ”ৰে দেশত অসমীয়া ভাষা চলাবলৈ যি আন্দোলন চলাইছিল, তাৰ ভাষাত আমি কি পাওঁ? ঢেকিয়াল ফুকনে লেখিছিল; — “অসম ৰজাবিলাকৰ গুৰি কথা নানালোকে নানা দৰে কয়। ইন্দ্ৰবংসি বুলি হৰ গৌৰি সংবাদ নামে এখন পুথি আচে। আদিতে ১১৫১ সঁক, আৰু ইংৰাজী ১২২৯ সঁকত সুকাফা নামে ৰজা প্ৰথমত্তে সৌমাৰলৈ আহি মটক আদি কৰি নানা পবৰ্তিয়া জাতিক অধিন কৰিলে। তেওঁ ত্ৰিত্যু হলত তেওঁৰ সতি-সন্ততিএই ক্ৰমে নানা ঠাই অধিকাৰ কৰি উনচলিচ জনা ৰজাৰ দিনত অসম দেসক তিনি প্ৰধান জাতিএ আক্ৰৰণ কৰিলে। প্ৰথমে চলমান, দুতিয় মোজামৰিঅ|' বা মটক, ত্ৰিভিয় যান।” ঢেকিয়াল ফুকনে এই কিতাপ লেখে ১৮৩৯ শকঁত, আৰু যাদুৰাম ডেকা বৰুআই এখন ঠিক এই বৰ্ণমালাৰে অভিধান লেখে, ৰেভেৰেণ্ড ব্ৰহ্মন চাহাবে ১৮৬৭ সনত তাক প্ৰকাশ কৰে। ‘এওঁলোক দুয়ে৷ এইদৰে অসমীয়া ভাষা বঙ্গালী ভাষাৰ পৰিবৰ্ত্তে দেশত পুনৰ থাপণ কৰিবলৈ যত্নকৰাৰ ফলত ১৮৭১ সনত বঙ্গদেশৰ লেফটেণ্ট গৱৰ্ণৰ চাৰ জৰ্জ কেম্পবেলে অসমৰ প্ৰাইমেৰী স্কুলত অসমীয়া ভাষা চলাবলৈ হুকুম দিয়ে। সেই সময়ত অসমদেশ বঙ্গদেশৰ লগত চামিল আছিল। অসমত বঙ্গালীৰ