পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ আৰু মানুহৰ মাজত থকা সম্বন্ধটো কেনেকুৱ| হলে সমাজত সুখ আৰু শাস্তিৰ মাত্ৰা বাঢ়িব, বৰ্ত্তমানে ই কেনে ভাৱত আছে, বৰ্তমান অৱস্থাৰপৰা ইয়াৰ পৰিবৰ্ত্তন হোৱা উচিত নেকি ইত্যাদি আলোচনাই শিল্পৰ মুখ্য আলোচনা। ইয়াৰপৰা শিল্পই পোনপাকে শিক্ষা দিয়া উচিত বুলি ধৰি লব নালাগে। কবিতা, উপন্যাস, নাটক বা চিত্ৰ বিদ্য! আদিয়ে পোনপাকে শিক্ষা দিলে সৌন্দৰ্য্যৰ ফালৰপৰা বহুতো ক্ষতি হব পাৰে আৰু সময়ত হয়ে। সেইবাবে কোনো লেখনী লিখা বা কোনো চিত্ৰ অঙ্কন কৰাৰ সময়ত শিল্পীয়ে পোন- পটীয়াকৈ শিক্ষা দিবলৈ ইচ্ছা নকৰি তেওঁৰ অন্তৰাত্মাৰ আগত সৎ আদৰ্শ ৰাখি কাৰ্য্যত প্ৰবৃত্ত হলে সমাছৰ চকুত কোনো এটি বেয়! কথাৰ আলোচনাৰ মাজতে৷ ভালৰ সঙ্কেত থাকিব। শিল্পীব ভাল বেয়া দৃষ্টিৰ পৰাহে শিল্পৰ প্ৰভাৱ ভাল বা বেয়া হৈ উঠে। অন্তৰাত্মাৰ আগত সূচীভেদা সন্দেহৰ ছা ৰাখি কাৰ্য্যত প্ৰবৃত্ত হলে শিল্পত সেইবোৰ প্ৰকাশিত হৈ পৰি সময়ত সি শিল্পৰ সৌন্দৰ্য কমাই দিয়ে। সঙ্কেত মূলঃ শিক্ষাই শিল্পৰ প্ৰকৃত শিক্ষা। আধুনিক জগতৰ ফুৰেৰ জড়বাদী উপাসনাকাৰীসকলে এনে এটি আদ- শৰ কথা মনলৈ আনিব নোৱাৰে আৰু আনিবলৈ ইচ্ছা বা চেষ্টাও নকৰে। অনিক মাহি কাটি হলেও এওঁলোকে কুবেৰৰ পূজা কৰিব পাৰিলেই সন্তুষ্ট হয়; ঐহিক আৰু বাহ্যিক যুগেই এওঁলোকৰ কাম্য; সেইবাবে আদৰ্শমলক দুখ এওঁলোকব ভাগাত নঘটে। যি কুৰেৰক এওঁলোকে সাক্ষাৎ ভগবান বুলি পূজা কৰিছে সেই কুবেৰৰ হাততেই এদিন এওঁলোকৰ বিনাশ সাধন হব। সত্যৰ উপলব্ধিয়েই মানৱ জীৱনৰ উদ্দেশ্য। ইয়াক লাভ কৰিবলৈ চেষ্টা কৰিলে জগতত সুখ শান্তি বিৰাজ কৰে আৰু নকৰিলে অত্যাচাৰ উৎপীড়নৰ মাত্ৰা বাঢ়ি আহে। সেইবাবে মানৱৰ হিতৰ অৰ্থে সকলো মানৱীয় কাৰ্য্যতেই ইয়াৰ উপলব্ধিৰ চেষ্ট। চলিব লাগে। ব্যক্তিগত বিচাৰ শক্তিৰ ফালৰপৰা নাচাই নীতিৰ ফালৰপৰা চালে সত্যই সুন্দৰ আৰু সুন্দৰেই মঙ্গলময়

  • 8