পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ভাষাৰ জীয়ৰী বৰ্ত্তমান সময়ত যদিও অসমীয়া ভাষা কেৱল অসম উপত্যকাত হে সীমা- বদ্ধ, এসম্মত কিন্তু পূৰ্ব্বভাৰতৰ এক বহল ভূভাগত এই ভাষা বিস্তাৰ লাভ কৰিছিল। বৰ্ত্তমান অসমৰ বাহিৰেও পশ্চিমে পূৰ্ণিয়াৰ সীমা, দক্ষিণে চট্টগ্ৰাম পৰ্য্যন্ত ইয়াৰ প্ৰচলন আছিল। এই ভূভাগৰ, সৰহ খিনিয়েই সেই সময়ৰ প্ৰাগ- জ্যোতিষ ৰাজ্যৰ অন্তৰ্গত আছিল। প্ৰাগজ্যোতিষপুৰ তথা কামৰূপ পূৰ্ব্বভাৰতৰ জ্ঞান আৰু শিক্ষাৰ কেন্দ্ৰ আছিল বুলি পৰিব্ৰাজক হিয়েনচাঙৰ উক্তিৰ পৰা কিছু আভাস পোৱা যায়। এই দেশত সংস্কৃত ভাষা আৰু জ্যোতিষ শাস্ত্ৰৰ যে ভালদৰে চৰ্চ্চা হৈছিল তাৰ কোনো সন্দেহ নাই। কথ্যভাষাত সাহিত্য ৰচনা এই দেশত কেতিয়া পোন প্ৰথম আৰম্ভ হয় তাক সঠিককৈ কব নোৱাৰি। মধ্যভাৰতত পোন প্ৰথম বুদ্ধদেৱৰ সময়তে কথা ভাষাত সাহিত্য ৰচিত হয়। তেওঁ শিষ্য সকলক কৈছিল “মোৰ বাক্য বিলাক সংস্কৃতত অনুবাদ নকৰিবি, কৰিলে অপৰাধী হবি। মই যি ভাষাত উপদেশ দিছোঁ, ঠিক সেই ভাষাত গ্ৰন্থ লিখিবি।” সেই অনুসাৰেই পালিভাযাত তেওঁৰ অমৰ বাণী বিলাক লিপিবদ্ধ হৈছিল। এয়ে কথ্যভাষাত প্ৰথম সাহিত্য ৰচনা। খৃষ্টপূৰ্ব্ব তৃতীয় শতাব্দীত, দেৱপ্ৰিয় অশোকে বহুত প্ৰদেশত স্থানীয় কথ্য ভাষাত বৌদ্ধধৰ্ম্মৰ মতবিলাক শিলৰ খুটাত কটাই প্ৰচাৰ কৰিছিল। ইয়াকেই প্ৰাদেশিক কথ্যভাষাৰ প্ৰথম লিপিবদ্ধ সাহিত্য বুলিব পাৰি। প্ৰাগ্‌জ্যাতিয ৰাজ্যত তেনেকুৱা শিলালিপি থকাহেঁতেন সেই সময়ৰ কথা- ভাষাৰ নমুন৷ পোৱ৷ গ'ল হেতেঁন। সি যি কি নহ'ক প্ৰাগ্‌জ্যোতিষৰ কথ্যভাষা অৰ্থাৎ প্ৰাগ্‌জ্যোতিধৰ প্ৰাকৃত যে মাগধী প্ৰাকৃতৰ অনুৰূপ আছিল তাত কোনো সন্দেহ নাই। প্ৰাগজ্যোতিষ ৰাজ্য পতন হোৱাৰ পাছতো বহু শতাব্দীলৈকে ভাষা আৰু সাহিত্যৰ মাজেদি এই সমগ্ৰ ভূভাগৰ ঐক্য অক্ষুণ্ণ ভাৱেৰে ৰৈ গৈছিল। ডাকৰ বচন, মাণিক চন্দ্ৰৰ গান, গোপীচন্দ্ৰ বা গোবিন্দচন্দ্ৰৰ গান, মাধৱ কন্দলি, ৰূদ্ৰকন্দলি, কৱি সৰস্বতী, কৱিন্দ্ৰ পৰমেশ্বৰ পাত্ৰ শ্ৰীশঙ্কৰদেৱ, অনন্ত কন্দলি, ৰামসৰস্বতী, মাধৱ দেৱ, মুকন্দৰাম, শ্ৰীকৰ নন্দী, বৃন্দাবন দাস, সঞ্জয় দাস, ৰামেশ্বৰ আদি কবি সকলৰ কাব্য আৰু গ্ৰন্থ ইয়াৰ প্ৰমাণ স্বৰূপ আঙু লিয়াব পাৰি। এই ঐক্য সোঁত ক্ৰমে ক্ষীণ হৈ আহিলেও, ষোড়শ শতিকাৰ