পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কলাবিদ্যা, কবিতা আৰু ধৰ্ম্ম জগতৰ এটি ডাঙৰ অভাৱ আঁতৰি গৈছে। এনেহেন উপকাৰী ৰক্ত এটিৰ সহায়েৰে যুদ্ধৰ সৰঞ্জাম লৈ দেশ বিদেশ ধ্বংস কৰি ফুৰাটোত সংলোৱে প্ৰতি বাদ কৰিব। শিল্পয়ো ঠিক একেদৰে মানৱ সমাজক কুপথৰ সেন্দুৰীয়া আলিত খোজ কাঢ়িবলৈ সঙ্কেত দিলে চিন্তাশীল লোক তাৰ বিপক্ষে উঠিবই, আৰু তেনে ধৰণৰ শিল্পক বেয়| শিল্প বুলি সমাজৰপৰা দূৰ কৰিবলৈ চেষ্টা কৰিব। ঠেক আৰু বেয়া শিল্পই জগতৰ মহং অনিষ্ট সাধন কৰিব পাৰে৷ যি শিল্পৰ অ'ওপাকে হলেও শিকনি অসৎ তাৰপৰা মানুহৰ ডাঙৰ অপকাৰ হব আশঙ্কা কৰি তেনে শিল্পৰ সৃষ্টি নকৰাই ভাল। মাহুহ, মাতৃহৰ মাজত সম্বন্ধ কি বা কেনে হোৱা উচিত তাকে শিল্পই বিশ্লেষণ কৰি দেখুৱাব লাগে। যি কবিতা বা চিত্ৰ বিদ্যাই মানুহক মানুহ হিচাবে নাচায় তাৰ মাজত ঘনিষ্ঠ সম্বন্ধ স্থাপন কৰিবলৈ যত্ন নকৰে আৰু নানান ভেদনীতি হুমাই সামাজিক সুখ শান্তিত প্ৰবল বাধা দিয়ে সেই শিল্পৰ সমাদৰ কোনে। এটি সম্প্ৰদায় বা ব্যক্তিৰ মাজত থাকিলেও সি সল্লোবে মন আকৰ্ষণ কৰিব নোৱাৰে। জগতৰ সকলো বস্তুৱেই সুন্দৰ, পৰিপাটী—ইয়াত গম্য আছে। এনেস্থলত মানৱ প্ৰাণী জগত-তা কিছুম'ন নীতি দেখিবলৈ পোৱা যায়। সমাজত বিশৃঙ্খলতা স্থাপনব চেষ্টা জগতৰ নিয়মৰ বাহিব। উচ্চ থাপৰ ধৰ্ম্মই সমাজত শৃঙ্খনতা স্থাপন কৰি শান্তিৰ সুন্দৰ ৰাজ্য স্থাপন কৰিবলৈ চেষ্টা কৰি অ'হিছে, অৱশ্যে আজিও এই চেষ্ট৷ ফলৱতী হোৱা নাই; কিন্তু সেই বুলি ধৰ্ম্মই আজিলৈকে একে৷ কান কৰিব পৰা নাই আৰু ইয়াৰ আদৰ্শ একেবাৰেই অসাধ্য বুলি উৰাই দিলে সমাজত আকৌ নতুন নতুন অনাচাৰ ব্যভিগৰে ভুমুকি মাৰিবহি। কোনো এটি জাতিয়ে তাৰ মাজৰপৰা ধৰ্ম্ম বা সেই অৰ্থ- প্ৰকাশক শব্দটো উঠাই দিব পাৰে কিন্তু তেতিয়া হলেও তাৰ মূলনীতি থাকিব। যদি মূলনীতি ঠিক থাকে তেন্তে তাক ধৰ্ম্ম নুবুলি অধৰ্ম্ম বা নীতি বুলিলেও একে| হানি নাই। নাস্তিকবিলাকে ধৰ্ম্ম নামানে আৰু ঈশ্বৰতো বিশ্বাস নকৰে। সেইবাবে তেওঁলোকে মানৱ জাতি একে পৰম পিতাৰে সন্তান বুলিও ধৰি নলয় কিন্তু তথাপি তেওঁবিলাকেও মানুহ আৰু মানুহৰ মাজত ভাই ভাই সম্বন্ধ থকা বুলি স্বীকাৰ কৰে। ইয়াৰপৰা স্পষ্টকৈ বুজা যায় যে এই নাস্তিকবিলাকৰ মতো ধৰ্ম্ম মতৰ লগত বহুতো পৰিমাণে মিলে। গতিকে দেখা যায় যে উচ্চ খাপৰ ধৰ্ম্ম নীতিয়ে সমাজৰ বন্ধন দৃঢ় কৰি শান্তিৰ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে; শিল্পৰ নীতিও এইদৰে উদাৰ হোৱা উচিত। মানুহ