পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কলাবিদ্যা, কবিতা আৰু ধৰ্ম্ম গালৈ টানিছে। মানুহৰ বিশ্বাস হব ধৰিছে, যিয়েই ক্ষন্তেকৰ বাবে মনত আনন্দ দিব পাৰে নেয়েই সুন্দৰ, সেয়েই ভাল। সৌন্দৰ্য্য বাহ্যিক; আন্তৰিক সৌন্দৰ্য্য বুলি চলিত কথাটে। এটা কল্পনা মাত্ৰ। যি শিল্পই আমাৰ নিজৰ অস্তিত্ব পাহৰাই আনন্দ দিব পাৰিব সেয়েই প্ৰকৃত শিল্প, বাকীবোৰ শিল্পৰ ব্যভিচাৰ। এনে ধৰণৰ কিছুমান যত অধুনিক পাঠক মাত্ৰৰেই গাত পোৱা যায়। প্ৰায় সকলোৱে একবাক্যে কয়, “শিল্পই আনন্দ দিব লাগে—শিল্পৰ উদ্দেশ্য সৌন্দৰ্য্য সৃষ্টি”। কথাটে৷ শুনোতে বৰ ভাল শুনি। দৰাচলতে চাবলৈ গলেও আনৰ অঙ্ক- ৰত অনুভূতি জগাই তুলিব নোৱাৰা শিল্প, শিল্প নামৰে অযোগ্য কিন্তু জন- সাধৰণে সৌন্দৰ্য্য শব্দৰ অৰ্থ ঠিক ভাৱত লব নোৱাৰে। তেওঁবিলাকৰ মতে চকু, কাণ, নাক, জিভ৷ আৰু স্পৰ্শশক্তিক যিহে আনন্দ দিব পাৰিব সেয়েই সুন্দৰ। কিন্তু সুন্দৰ শব্দৰ এনেধৰণৰ ব্যাখ্যাই কাকে৷ সন্তুষ্ট কৰিব নোৱাৰে। মোৰ মনত বি সুন্দৰ অইন এজনৰ মনত সি সুন্দৰ নহবও পাৰে; গতিকে মানৱ যনে প্ৰকৃততে সুন্দৰ কি তাক জানিবলৈ বিচাৰে। হিন্দু আৰু গ্ৰীক দাৰ্শনিকসকলে নত্য আৰু সুন্দৰ দুয়োটাকে এক বুলি প্ৰমাণ কৰিছে। জাৰ্মান দাৰ্শনিক কিছুমানেও এই দুয়োটাৰ বিশেষ একো পাৰ্থক্য বাথিবলৈ যত্ন কৰা নাই বৰং কিছুমানে এই দুয়োটা ভাৱ এটা বস্তুৰে দুটা পিঠি বুলি ধৰিছে। * কিন্তু এনে ধৰণৰ শিক্ষাই আধুনিক মনোবৃত্তিৰ ওপৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই আৰু সেয়েহে ইয়াৰ ব্যাখ্যা দিবলৈ বহুতো চেষ্টা চলি আছে। সুন্দৰ শব্দৰ অৰ্থ এজনৰ জ্ঞানেন্দ্ৰিয় বা কৰ্ম্মেন্দ্ৰিয়ৰ পৰিতৃপ্তিতে আৱদ্ধ ৰাখিলে যথেষ্ট ক্ষতি হয়। যি বস্তু দেখিলে, শুনিলে বা স্পৰ্শ কৰিলে মোৰ আনন্দ লাগে সেই বস্তুটে। সদায় নহলেও সেই মূহূৰ্ত্তৰ কাৰণে অৱশ্যে মোৰ প্ৰতি সুন্দৰ ইয়াত অকণো সন্দেহ নাই। কিন্তু এনেধৰণৰ সুন্দৰৰ আৰাধনা শিল্পৰ উদ্দেশ্য নহয় আৰু হোৱাও উচিত নহয়। শিল্পৰ স্বজিত সৌন্দৰ্য্যত দেশ বিদেশৰ সকলে! মানুহে জাতি বৰ্ণ নিব্বিশেষে ভাগ লব লাগিব; শিল্প কোনো এটি শ্ৰেণীৰ বা জাতিৰ আচুতীয়া সম্পত্তি নহয় ই মানৱ সমাজৰ ধৰ্মৰ নিচিনাকৈ ইয়াৰ ক্ষেত্ৰ অতি বহল, অতি উদাৰ। কোনো এটি ঘটনাৰ আনুপাতিক বিন্যাসকে (proportionate arrange-

  • Cf Kant's aesthetic theory.

Hegel's Idea as it is in itself and Idea that manifests externally >