পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ ment ) শিল্পৰ ফালৰ পৰা সুন্দৰ বুলিব পাৰি। “এটি সুন্দৰ বস্তু” বুলিলেও তাৰ অংশবোৰ মূল বস্তুটোৰ লগত নিয়মিত অনুপাতত গঁথা কথাকে বুজায়। মূল পদাৰ্থ অনুসৰি অংশবোৰ নিয়মিত ভাৱে সংযুক্ত নহলে পদাৰ্থটোক কেৱে সুন্দৰ নোবোলে। কবিতাৰ বৰ্ণনাতে৷ এই একেটা কথাই খাটে। কবিৰ কোনো এটি দৃশ্য বা ঘটনাৰ অংশবোৰ মূল উদ্দেশ্য অনুসৰি দীঘল চুটী বা উচ্চ নীচ হলে সেই বৰ্ণন। সুন্দব বুলিব লাগিব। কোনো এটি অসৎ বা উত্তেজক অনুভূতিৰ বৰ্ণনাবোৰৰে৷ উপাদানবিলাক এনেকুৱ| অনুপাতত গঁথা হলে শিল্পৰ ফালৰ পৰা সেই বৰ্ণনা সুন্দৰ। অৱশ্যে বৰ্ণিত কথা বা অনুভূতিটোৰ প্ৰভাৱ সুন্দৰ নহব পাৰে। বৰ্ণনা আৰু বৰ্ণিত কথা দুয়োট। বেলেগ বেলেগ বস্তু। বৰ্ণিত বিষয় বস্তুৰ প্ৰভাৱ মানুহৰ ওপৰত সং অসৎ বা ভালবেয়া হব পাৰে কিন্তু সেইবুলি বৰ্ণনাটো বেয়া বা অসৎ নহয় আৰু কবিয়ে যদি তাক নিয়মিত অনুপাতত বহুৱাব পাৰে তেন্তে তাক সুন্দৰ নুবুলি উপায় নাই। গতিকে দেখা গল যে অনুপাত্তৰ ওপৰতেই হস্ত বা ঘটনাৰ সৌন্দৰ্য নিৰ্ভৰ কৰে। এই অনুপাতটো কি ত্ত ডাক ম.গু ফালৰপৰা চাব লাগিব। নানান বিভিন্নতা আৰু জটিলতাব মাজতো সাম্ৰ জাতি সদায় একে। এতেকে মনস্তত্ত্ব অধ্যয়ন কৰিলে ইয়াক বুজিবলৈ টান নহব। শিল্পৰ সূত্ৰ আৰু ওপৰত কৈ অহা কথাখিনিৰপৰা এইটে। স্পষ্টকৈ দেখা যায় যে ভাল বেয়া সবলো ঘটনা বা কথাই ইয়াৰ বিষয় বস্তু হব পাৰে। শিল্পীৰ উদ্দেশ্য তেওঁ নিজে অনুভৱ কৰা অনুভূতিবিলাক অইনৰ অন্তৰত জগাই তোলা অক ইয়াৰ অৰ্থে তেওঁ ইচ্ছা কৰিলে সমাজৰ চকুত অতি হেয় বিষয় এটিও হাতত লৈ কামত প্ৰবৃত্ত হব পাৰে। বেয়' বা অসৎ কথা এটিয়েও যদি অইনৰ অন্তৰত তেনে ভাৱ জগাই তুলিবলৈ সক্ষম হয় তেন্তে সিও শিল্পৰ ভিতৰতে পৰিব। আধুনিক জগতত এনে ধৰণৰ কবিতা, গল্প বা উপন্যাস বিচাৰিলে হাজাৰে হাজাৰে ২ পোৱা যাব। এক শ্ৰেণীৰ মানুহৰ এনে ধৰণৰ কিতাপ লেখা এট। ব্যৱসায়। এই শ্ৰেণীৰ মানুহে শিল্পৰ দোহাই দি এনেবোৰ মত প্ৰচাৰ কৰে, কিন্তু ইয়াৰ ফল অতি ভয়লগা। যৌন সম্বন্ধৰ কিছুমান লুকাই থকা কথা উলিয়াই দিয়াটে৷ একে| দোষণীয় নহয় কিন্তু এই ছলতে অশ্লীলতাৰ সৃষ্টি কৰাটো কোনোৱে সমৰ্থন নকৰে। আধুনিক বিজ্ঞানৰ বলত মানুহে উন্ন্য জাহাজ উলিয়াই আকাশে আকাশে উৰি ফুৰি সময় আৰু ঠাইৰ ব্যৱধান কমাই দিছে; ফলত বিজ্ঞানৰ প্ৰভাৱত ৫২