পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ এপিনে বস্তুবাদৰ প্ৰতিগত্তি দিনক দিনে বাঢ়ি আহিল * আৰু আন পিনে আদৰ্শবাদী মানুহে সন্দেহৰ চকুৰে চাবলৈ আৰম্ভ কৰিলে। ফলত সভ্য দেশবোৰত বেলেগ বেলেগ ধৰণৰ চিত্ৰশিল্প, কবিতা, উপন্যাস, নাটক চুটী গল্প আদি ওলাই পৰিল। আজিৰ সভ্য জগতভো এনেকুৱা ধৰণৰ শিল্পৰেই বহুল প্ৰচলন আৰু সমাদৰ পোৱা যায়। এনে ধৰণৰ শিল্পত ধৰ্ম্মৰ লগত পোনপাকে থকা সম্বন্ধটো কিছুদূৰলৈ আঁতৰি গল। শিল্পৰ মুখ্য উদ্দেশ্য হল সুন্দৰৰ আৰাধনা। অনেকেই সত্য আৰু সুন্দৰৰ মিলনত সন্দেহ কৰিবলৈ ধৰিলে আনপিনে বহুতেই যত প্ৰকাশ কৰিলে যে সত্য আৰু সুন্দৰ দুয়োটা একে বস্তু নহয় বৰং দুয়োট। তেনেই বেলেগ বেলেগ, ইটোৰ লগত সিটোৰ অকণো সম্বন্ধ নাই। ওপৰত উল্লেখ কৰা কথাটে৷ তেনেই মানি ললেও শিল্প, কবিতা আৰু ধৰ্ম্মৰ একেবাৰেই সম্বন্ধ ছিগি গল বুলি কব নোৱাৰি। ধৰ্ম্মৰ উদ্দেশ্য এখনি আদৰ্শ ৰাজ্যৰ আভাস দিয়া (Transcendental world), আৰু আধুনিক কিছুমান কবিতা আৰু শিল্পৰ উদ্দেশ্যও কোনো ব্যক্তি, বিশেষ পদাৰ্থ বা ঘটনাৰ মাজেদি মামুহ, মানুহৰ বা মানুহ আৰু হগিত প্ৰাণী বা পদাৰ্থৰ লগত থক। সম্বন্ধৰ চিত্ৰ ভাঙি ধৰাটো। ধৰ্ম্মই অকল মানুহ অংক ঈশ্বৰৰ সম্বন্ধ কি এই কথা লৈয়েই সন্তুষ্ট নাথাকে। এজন মানুহৰ আন এজনৰ লগত বা সেই জন মানুহৰ প্ৰাণীজগত আৰু জড়জগতৰ লগত কি সম্বন্ধ আৰু কেনে হোৱা উচিত ই তাৰে৷ বহুল আলোচনা কৰি শিক্ষ! দিয়ে। হিচাবে চ'লে ধৰ্ম্ম অক আধুনিক শিল্পৰ উদ্দেশ্য কিছু আঁতৰি গলেও দুয়োট। একেবাৰেই বেলেগ বুলি কেতিয়াও কব নোৱাৰি অৱশ্যে এইটো স্বীকাৰ কৰিব লাগিব যে আজিৰ জগতত আগৰ তুলনাত শিল্প আৰু কবিতাৰ উদ্দেশ্য বহুটো সময়ত ঠেক হৈ আহিল—আগৰ সৰ্ব্বজনীন ভাৱৰ সলনি কিছুমান ঠেক ভাৱে আহি কিছুমান কবিতাত ঠাই ললেহি। ঠেক স্বদেশানুৰক্ত (patriotic ) আৰু কিছুমান উত্তেজনাপূৰ্ণ যুদ্ধৰ কবিভাই এই কথাটোৰ প্ৰমাণ দিব। কিন্তু ভালকৈ গমি চালে দেখা যাব যে এনেকুৱ৷ ঠেক ভাৱৰ কবিতাৰ মাজেদিও এটি কাল্পনিক আদৰ্শ কৰিয়ে ডাঙি ধৰিছে আক এনেকুৱা আদৰ্শ প্ৰচাৰ কৰোঁতেই ইয়াৰ উদ্দেশ্য ধৰ্ম্মৰ উদ্দেশ্যৰ লগত পোনপাঁকে নহলেও আওপাকে মিলে। শুড়বাদৰ পৰা উদ্ভব হোৱা নানান সুখৰাশিয়ে মানুহক ইয়াৰ নিজৰ Of Sensual porns of Whitman, writings of Frande etc. 45