পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কলাবিদ্যা, কবিতা আৰু ধৰ্ম্ম জাতিয়ে অসত্যক আদৰ্শ বুলি আঁকোৱালি লোৱা নাই। যদি কেতিয়াবা কোনোবাই লয় ভেস্তে বুজিব লাগিব সেই জাতিয়ে ধ্বংসৰ পথলৈ দিনে দিনে আগুৱাই যাবলৈ ধৰিছে। গতিকে এইটো একবকম স্বতঃসিদ্ধ কথা যে মানুহৰ আদৰ্শ সদায় সৎ, সদাঘু উচ্চ। কবিৰ আদৰ্শও সেইবাবে সদায় সং আৰু উচ্চ কিন্তু এই আদৰ্শ ধৰ্ম্ম বিশ্বাসৰ লগত সদায় একে নহবও পাৰে—অৱশ্যে একে নহলেও ই ধৰ্ম্ম বিশ্বাসৰ বিৰোধী নহয়। গতিকে দেখা যায় যে ধৰ্ম্মৰ মূল আদৰ্শই কবিৰ আদৰ্শৰ ওপৰতে৷ যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। ধৰ্ম্মৰমূল আদৰ্শ, সামা- জিক প্ৰথাৰ আদৰ্শ নহয়। ধৰ্ম্ম— বেলেগ কথা, সমাজ বেলেগ কথা। ধৰ্ম্মই সমাজ সংগঠনত সহায় কৰে সঁচ। কিন্তু সেই বুলি সমাজৰ সকলোবোৰ ৰীতিয়েই ধৰ্ম্ম নহয়। প্ৰত্যেক জাতিৰ বুৰঞ্জীতে এনে এটি যুগ পোৱা যায়, যেতিয়া কবিতা শিল্প আৰু ধৰ্ম্মৰ মূল উদ্দেশ্য একেটাই আছিল৷ ধৰ্ম্ম প্ৰচাৰৰ সুবিধাৰ অৰ্থে কবিতা আৰু শিল্প দুয়োটাৰে বহল ব্যৱহাৰ কৰা হৈছিল; সেই বাবে আগৰ সাহিত্যত কবিতাৰ প্ৰাধান্য আৰু সেই কবিতাবোৰতো ধৰ্ম্মৰ প্ৰাধান্য পোৱা যায়। আমাৰ নিজৰ ভাষালৈ চালেও ইয়াৰ নিৰ্ভুল প্ৰমাণ বহুতো। অসমীয়া প্ৰাচীন সাহিত্যৰ প্ৰায় অ'টাইবোৰ পুথিতেই ধৰ্ম্মৰ আলোচনা আৰু আনপিনে ভাস্কৰ্য্যতো দেৱদেবীৰ মূৰ্ত্তি আৰু মন্দিৰ আদিৰ নিৰ্ম্মাণ। আগৰ দিনত ধৰ্ম্মৰ আদৰ্শ প্ৰচাৰ কৰিছিল কবিতাই আৰু সেই কবিতাকে সাধাৰণ মানুহক বুজোৱাত সহায় কৰিছিল অভিনয়বোৰে। দলে দলে মানুহ আহি ধৰ্ম্ম সম্বন্ধীয় নাটকৰ অভিনয় দেখি তাৰ কবিতা ৰস পান কৰিছিল আৰু অভিনয়ৰ অন্তত ভগবদ্ ভক্তিৰ এটি আদৰ্শ নিজৰ মনৰ মাজত থাপনা কৰি ঘৰলৈ উভটিছিল। যি কবিত৷ সাধাৰণৰ বোধগম্য নহয় তাকে। সহজ সৰলভাৱে বুজাই দিছিল এই অভিনয় বিলাকৰ আবিৰ্ভাৱে।

বহুকাল ব্যাপি শিল্প কবিতা অ'ক ধৰ্ম্মই বেলেগ বেলেগ ফালৰপৰা প্ৰায় একেটি আদৰ্শৰেই অনুসৰণ কৰি থকাৰ পাছত পৰম্পৰাগত এক ৰকম কটকটীয়া বান্ধ শিথিল হৈ আহিবলৈ ধৰিলে। সত্য অন্বেষণৰ কাম ধৰ্ম্ম” লৈ এফলীয়াকৈ এৰি মানুহে শিল্পত সৌন্দৰ্য্য বিচাৰিবলৈ ধৰিলে। লাহে লাহে বহুতে| মানুহৰ মতৰ পৰিবৰ্ত্তন ঘটিল আক আদৰ্শমূলক শিল্পৰ লগে লগে সৌন্দৰ্য্যমূলক শিল্পৰ অৱতাৰণা হবলৈ ধৰিলে। + শিল্প আৰু সাহিত্যত

  • প্ৰাচীন নাটকৰ বেছি অংশেই কৱিতা।

+ Cf Pre-Raphaelito movement in England. g 85